অসম

assam

ETV Bharat / bharat

ৰঙা পাথৰেৰে আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল জানেনে বাৰু ?

আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল ? ৰঙা দুৰ্গটোৰ ইতিহাস বিচাৰি আজিৰ এই প্ৰতিবেদন...

Agra Fort History
ৰঙা পাথৰেৰে গঢ়া আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল জানেনে বাৰু ? (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 2:46 PM IST

Updated : Nov 28, 2024, 4:07 PM IST

আগ্ৰা : আগ্ৰা ফ’ৰ্ট বা আগ্ৰা দুৰ্গ হৈছে মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন । ই হৈছে বিশ্বৰ এক ঐতিহ্য ৷ মোগল যুগত আগ্ৰা দুৰ্গৰ পৰাই তেওঁলোকে ভাৰতত শাসন চলাইছিল । আগ্ৰা দুৰ্গত ৰাজপুত, মোগল, জাট, মাৰাঠাকে ধৰি বহু ৰাজবংশই দখল কৰি আহিছে । এই বিশ্ব ঐতিহ্য চাবলৈ বৰ্তমানেও প্ৰতিদিনে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে ।

কিন্তু, এই আগ্ৰা দুৰ্গৰ ইতিহাসৰ বিষয়ে আজিও ভাৰতীয় পুৰাতত্ত্ব জৰীপ (ASI)বিভাগ অজ্ঞাত । ASI এ নাজানে আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল ?

আগ্ৰা দুৰ্গ বিশ্ব ঐতিহ্য (ETV Bharat)

২০২৩ চনৰ জুন মাহত RTI ৰ এক উত্তৰত ASI ৰ আগ্ৰা চক্ৰৰ জনসংযোগ বিষয়া মহেশ চন্দ্ৰ মীনাই কয় যে আগ্ৰা দুৰ্গৰ ইতিহাসৰ বিষয়ে সোধা প্ৰশ্নৰ সৈতে জড়িত কোনো তথ্যই বৰ্তমান উপলব্ধ নহয় । এনে কিছুমান তথ্য সমসাময়িক সাহিত্যতহে পোৱা যায় । দৰাচলতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত কাম কৰা এ এছ আইৰ হাতত পুৰণি ঐতিহ্যৰ সকলো তথ্য আছে ।

২০২৩ চনৰ মে’ মাহত আৰ টি আইৰ দ্বাৰা তথ্য বিচৰা হৈছিল :আগ্ৰাৰ এম এম গেট থানা এলেকাত অৱস্থিত কালিবাৰীৰ বাসিন্দা ড৹ দেৱাশীষ ভট্টাচাৰ্যই ২৭ মে'ত আৰ টি আইৰ অধীনত আগ্ৰা দুৰ্গ সন্দৰ্ভত তিনিটা প্ৰশ্নৰ তথ্য বিচাৰিছিল । সেয়া হ’ল -

ড° দেৱাশীষ ভট্টাচাৰ্য (ETV Bharat)
  • আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল ?
  • সম্ৰাট আকবৰে আগ্ৰা দুৰ্গত কি পৰিৱৰ্তন কৰিলে ?
  • আগ্ৰা দুৰ্গ নিৰ্মাণৰ পূৰ্বে কি কাম কৰা হৈছিল ?

তথ্যত সন্তুষ্ট নহয় :ড° দেৱাশীষ ভট্টাচাৰ্যই আগ্ৰা দুৰ্গ বিশ্ব ঐতিহ্য স্মাৰক বা স্মৃতিসৌধ বুলি কয় । যিটো এক ঐতিহাসিক স্মাৰকহে । এই বিষয়ে ASI ৰ হাতত প্ৰতিটো তথ্য থাকিব লাগে । এই উত্তৰ আৰ টি আইৰ তথ্যত দিয়া হৈছে ।

মই ASI ৰ তথ্যৰ ওপৰত আবেদন কৰিছিলো । যাৰ ওপৰত অধীক্ষক প্ৰত্নতত্ত্ববিদ ড° ৰাজকুমাৰ পেটেলেও পূৰ্বে দিয়া উত্তৰটোক সমৰ্থন কৰে । ইয়াৰ লগে লগে মই কেন্দ্ৰীয় তথ্য আয়োগক আবেদন জনাইছিলো আৰু ২৫ নৱেম্বৰত শুনানি গ্ৰহণ কৰা হৈছিল ।

ইয়াৰ পিছত বুধবাৰে যেতিয়া এই নিৰ্দেশ জাৰি কৰা হয়, তেতিয়া ই ASI ৰ উত্তৰকো সমৰ্থন কৰে । সমসাময়িক ইতিহাস পঢ়ি এই সন্দৰ্ভত এক বিশদ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব । বিশ্ব ঐতিহ্যৰ ইতিহাস আৰু সংৰক্ষণৰ তথ্য প্ৰদানৰ দায়িত্ব আছে । তেওঁ নিজেই ইতিহাস নাজানে । সেয়ে এই বিষয়টো আদালতলৈ লৈ যাম ।

RTI ৰ তথ্য (ETV Bharat)

একাদশ শতিকাত এই দুৰ্গটোৰ অস্তিত্ব আছিল : জ্যেষ্ঠ ইতিহাসবিদ ৰাজকিশোৰ ৰাজে কয় যে একাদশ শতিকাত আগ্ৰাত এটা দুৰ্গ আছিল । ই ছিকাৰৱাৰ বংশৰ ৰাজপুতসকলৰ নিয়ন্ত্ৰণত আছিল । এইটো আছিল বোকাৰে নিৰ্মিত এটা দুৰ্গ ।

১০৮৯ চনৰ পৰা ১১১৪ চনলৈকে খিলজী চুলতানে আগ্ৰাক অবিৰতভাৱে আক্ৰমণ চলাইছিল । এই দুৰ্গটো ইয়াত ধ্বংস হৈছিল । বিদেশী ইতিহাসবিদ খৌড়া মীৰে তেওঁৰ ‘‘হাভিভাছ ছিয়াৰা’’ গ্ৰন্থত লিখিছে যে ১০৫৮ চনৰ পৰা ১০৫৯ চনলৈকে এই দুৰ্গৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ আছিল ।

১৪৭৫ চনত বাদল সিংহই এই দুৰ্গটো পুনৰ নিৰ্মাণ কৰে । যাৰ বাবে ইয়াৰ নাম বদলগড় হয় । ১৪৮৭ চনত ছিকন্দৰ লোডীয়ে ইয়াক দখল কৰে । ১৫০৪ চনৰ জুলাই মাহত আগ্ৰাত হোৱা ভূমিকম্পত বদলগড় দুৰ্গ ক্ষতিগ্ৰস্ত হয় ।

RTI ৰ তথ্য (ETV Bharat)

ইয়াৰ ওপৰত ছিকন্দৰ লোডীয়ে ১৫০৪ চনত পুনৰ এই ঠাইখন সংস্কাৰ কৰে । তাৰ পাছত ছিকন্দৰ লোডীয়ে আগ্ৰাক ৰাজধানী কৰি লয় । ছিকন্দৰ লোডীৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ইব্ৰাহিম লোডীয়ে ইয়াৰ ক্ষমতা দখল কৰে ।

আকবৰে ৰঙা শিলেৰে পুনৰ নিৰ্মাণ কৰিছিল : জ্যেষ্ঠ ইতিহাসবিদ ৰাজকিশোৰ ৰাজেৰ মতে "আগ্ৰা দুৰ্গৰ সম্পূৰ্ণ ইতিহাস মই ‘তৱাৰীখ-ই-আগ্ৰা’ গ্ৰন্থত লিখিছো । ১৫২৬ চনত পানীপথৰ প্ৰথম যুদ্ধত মোগল বংশৰ প্ৰতিষ্ঠাপক বাবৰৰ সৈন্যৰ সৈতে যুঁজি থকা অৱস্থাত ইব্ৰাহিম লোডী নিহত হয় আৰু ভাৰতত লোডী বংশৰ অন্ত পৰে ৷'

তাৰ পিছত আগ্ৰাৰ বাদলগড় বাবৰৰ অধীনলৈ আহিল । বদলগড়ৰ পৰাই মোগলে কোহিনুৰ হীৰা লাভ কৰে । ১৫৩০ চনত মোগল সম্ৰাট হুমায়ুনে আগ্ৰাৰ বদলগড় দুৰ্গত ৰাজমুকুট পিন্ধে । কিন্তু ১৫৩৯ চনত চৌছাৰ যুদ্ধত শ্বেৰ শ্বাহ ছুৰীয়ে হুমায়ুনক পৰাস্ত কৰি বদলগড় দুৰ্গ দখল কৰে ।

১৫৪৫ চনত শ্বেৰ শ্বাহৰ মৃত্যুৰ পিছতো ১৫৫৬ চনলৈকে সুৰী বংশই বদলগড় দুৰ্গ নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল । পানীপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ সেনাপতি বৈৰাম খানে হেমুক পৰাস্ত কৰে ৷ লগতে বদলগড় দুৰ্গ দখল কৰে । ইয়াৰ পিছত আকবৰে আগ্ৰা দুৰ্গক নিজৰ ৰাজধানী কৰি লয় ।

সেই তেতিয়াই আকবৰে ভিন্ন ভিন্ন ৰঙা শিল ব্যৱহাৰ কৰি বদলগড় দুৰ্গ পুনৰ নতুন ৰূপত নিৰ্মাণ কৰিছিল । যি বৰ্তমান সময়ত দেখা গৈছে ৷

লগতে পঢ়ক :বিশ্ব ঐতিহ্য সপ্তাহ; কোণাৰ্ক সূৰ্য মন্দিৰৰ কালজয়ী সৌন্দৰ্যৰ বিষয়ে জানো আহক..
Last Updated : Nov 28, 2024, 4:07 PM IST

ABOUT THE AUTHOR

...view details