অসম

assam

ETV Bharat / bharat

ভাৰতৰ সংবিধানৰ 75 বছৰ: প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্নজনৰ শুভেচ্ছা দেশবাসীক

দেশে আজি উদযাপন কৰিছে সংবিধান গ্ৰহণৰ 75 সংখ্যক জয়ন্তী ৷ এই উপলক্ষে মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ দুয়োখন সদনৰ সদস্যসকলক সম্বোধন কৰিব ।

75 YEARS OF CONSTITUTION
ভাৰতৰ সংবিধানৰ 75 বছৰ (ETV Bharat)

By ANI

Published : Nov 26, 2024, 10:09 AM IST

হায়দৰাবাদ:আজি ৰাষ্ট্ৰীয় সংবিধান দিৱস ৷ 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত ইয়াক গৃহীত কৰা হয় ৷ দেশে আজি উদযাপন কৰিছে সংবিধান গ্ৰহণৰ 75 সংখ্যক জয়ন্তী ৷ দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি নেতাসকলে সংবিধান দিৱস উপলক্ষে দেশবাসীক শুভকামনা জনাইছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X ত এটা ভিডিঅ’ পোষ্ট কৰি লিখিছে- ‘‘ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংবিধান দিৱসত সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । #75YearsOfConstitution’’ ৷

গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ শুভেচ্ছা বাণীত লিখিছে এইদৰে- ‘‘সংবিধান দিৱসৰ শুভেচ্ছা । আজি ভাৰতে সম্পূৰ্ণ উৎসাহেৰে সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে । বাবা চাহেব ভীমৰাও আম্বেদকাৰকে ধৰি সংবিধানৰ সকলো স্থপতিৰ অৱদানৰ স্মৃতিত মোদীজীয়ে ‘সংবিধান দিৱস’ উদযাপন আৰম্ভ কৰে । ভাৰতৰ দৰে বিশাল দেশৰ গণতন্ত্ৰৰ শক্তি হৈছে আমাৰ সংবিধান, যিয়ে প্ৰতিজন ব্যক্তিৰ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰি জাতীয় ঐক্য আৰু অখণ্ডতাৰ মন্ত্ৰ প্ৰদান কৰে । আমি বিশ্বাস কৰোঁ যে সংবিধান কেৱল মঞ্চত দেখুৱাবলগীয়া কিতাপ নহয়, ইয়াক সম্পূৰ্ণ ভক্তিৰে আত্মসাৎ কৰি জনজীৱনত আমাৰ সৰ্বোচ্চ অৱদান আগবঢ়োৱাৰ চাবিকাঠি। আহক! এই সংবিধান দিৱসত শক্তিশালী, সমৃদ্ধিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি লওঁ ।’’

কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে এই উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে ৷ সামাজিক মাধ্য়ম X ৰ যোগেদি প্ৰকাশ কৰা এক শুভেচ্ছা বাৰ্তাত সিঙে ভাৰতৰ সংবিধানৰ প্ৰণেতা বাবা চাহেব আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে ৷

‘‘সকলো ভাৰতীয়কে সংবিধান দিৱসৰ শুভেচ্ছা জনালোঁ ৷ নৱ ভাৰত গঠনৰ ভেটি স্থাপন কৰিছিল ভাৰতীয় সংবিধানে ৷ আজি আমাৰ দেশে এক শক্তিশালী সংকল্পৰে এখন উন্নত, শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত হোৱাৰ দিশে আগবঢ়িছে ৷ ভাৰতীয় সংবিধানৰ 75 বছৰ হ’ল ৷ সংবিধান দিৱসৰ এই পবিত্ৰ ক্ষণত মই বাবা চাহেব আম্বেদকাৰৰ লগতে ভাৰতীয় সংবিধান প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় ৷

ভাৰত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোয়েলেও সংবিধান দিৱসৰ শুভেচ্ছা জনাইছে ৷ ‘‘দেশবাসীলৈ সংবিধান দিৱসৰ আন্তৰিক শুভকামনা ৷ ভাৰতীয় সংবিধানে 75 বছৰত ভৰি দিয়াটো গণতন্ত্ৰৰ বাবে এক উজ্জ্বল অনুষ্ঠান ৷ সংবিধানক শক্তিশালী কৰি দেশক প্ৰগতিৰ পথলৈ লৈ যোৱাত অৰিহণা যোগোৱা সকলো মহান আত্মালৈ প্ৰণাম । #75YearsOfConstitution’’- তেওঁ X ৰ এটা পোষ্টত উল্লেখ কৰিছে ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সকলোকে সংবিধান দিৱসৰ শুভেচ্ছা জনাইছে ৷ X ত প্ৰকাশ কৰা এক শুভেচ্ছা বাৰ্তাত তেওঁ লিখিছে- ‘‘বিগত 75 বছৰ ধৰি ভাৰতে নিজৰ সংবিধানৰ দ্বাৰা অনুপ্ৰাণিত হৈ অহৰহ অগ্ৰগতি লাভ কৰি আহিছে । আমাৰ সংবিধান আমাৰ গণৰাজ্যৰ ভেটি, আৰু 2014 চনৰ পৰা ‘সংবিধান সৰ্বোচ্চ’ মন্ত্ৰৰ অধীনত আমাৰ চৰকাৰ জনসাধাৰণৰ প্ৰতিটো শ্ৰেণীৰ সেৱাৰ বাবে উৎসৰ্গিত হৈ আহিছে । সংবিধান দিৱসৰ বহু শুভেচ্ছা থাকিল ! #75YearsOfConstitution’’ ৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও সংবিধান দিৱস উপলক্ষে ৰাজ্যবাসীক সম্ভাষণ জনাইছে । সংবিধান দিৱসৰ প্ৰাকক্ষণত জাৰি কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে সংবিধান দেশৰ আত্মা । ইয়াৰ উপৰিও ই প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ, অধিকাৰ আৰু সন্মানৰ ৰক্ষক ।

'সংবিধান দিৱস' উপলক্ষে ভুৱনেশ্বৰত বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ওডিশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে । ৰাজ্যৰ মন্ত্ৰীসকলৰ লগতে মুখ্যমন্ত্ৰী মাঝিয়ে ভুৱনেশ্বৰত পদযাত্ৰাও অনুষ্ঠিত কৰিছে ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় সংবিধান দিৱস: সকলো শ্ৰেণীৰ মানুহৰ মাজত সাংবিধানিক মূল্যবোধৰ প্ৰসাৰ

ইফালে, ‘‘সংবিধান দিৱস’’ উপলক্ষে মঙলবাৰে কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ দুয়োখন সদনৰ সদস্যসকলক সম্বোধন কৰিব । ভাৰতৰ সংবিধান গ্ৰহণ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সংবিধান দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব । ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনিক ভৱনৰ চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই অনুষ্ঠান । অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ন্যায়পালিকাৰ বাৰ্ষিক প্ৰতিবেদন (২০২৩-২৪) প্ৰকাশ কৰি সমাৱেশত ভাষণ প্ৰদান কৰিব ।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী, সংসদৰ সদস্য, দিল্লীস্থিত মিছনৰ মুৰব্বীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলেও ইয়াত অংশগ্ৰহণ কৰিব । উপ-ৰাষ্ট্ৰপতি ধনখৰেও উভয় সদনৰ সদস্যসকলক সম্বোধন কৰিব ।

এই অনুষ্ঠানৰ সময়ত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এটা স্মাৰক মুদ্ৰা আৰু ডাকটিকট মুকলি কৰা হ’ব । ইয়াৰ উপৰিও "মেকিং অৱ দ্য কনষ্টিটিউচন অৱ ইণ্ডিয়া: এ গ্লিম্পছ" ("Making of the Constitution of India: A Glimpse") আৰু "মেকিং অৱ দ্য কনষ্টিটিউচন অৱ ইণ্ডিয়া এণ্ড ইটছ গ্ল'ৰিয়াছ জাৰ্নি" ("Making of the Constitution of India & Its Glorious Journey") শীৰ্ষক দুখন গ্ৰন্থও উন্মোচন কৰা হ'ব ।

ভাৰতৰ সংবিধানৰ কলাক কেন্দ্ৰ কৰি এখন পুস্তিকা, লগতে সংস্কৃত আৰু মৈথিলী ভাষাৰ সংবিধানৰ সংস্কৰণসমূহো মুকলি কৰা হ’ব । এই সমাৱেশতে ভাৰতীয় সংবিধানৰ নিৰ্মাণ, ঐতিহাসিক তাৎপৰ্য আৰু যাত্ৰা প্ৰদৰ্শন কৰা এখন চুটি ছবিও প্ৰদৰ্শিত হ’ব ।

লগতে পঢ়ক:সংবিধানৰ প্ৰস্তাৱনাৰ পৰা উঠাই দিব নোৱাৰিব 'সমাজতান্ত্ৰিক'-'ধৰ্মনিৰপেক্ষ' শব্দ: উচ্চতম ন্যায়ালয়ৰ ৰায়

ABOUT THE AUTHOR

...view details