নেশ্যনেল ডেস্ক, 3 মে’ :উত্তৰাখণ্ডৰসোমেশ্বৰ বিধানসভাৰ অন্তৰ্গত সুনৰাকোটৰ বনাঞ্চলত সংঘটিত হয় এক ব্যাপক অগ্নিকাণ্ডৰ ঘটনা । প্ৰচণ্ড বতাহৰ বাবেই বৃহস্পতিবাৰে বনজুইয়ে তীব্ৰ ৰূপ ধাৰণ কৰে । এই বনজুয়ে ক্ৰমাৎ গাঁৱৰ সীমান্তৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰে । ইফালে এই বনজুইৰ ফলত হাবিত কাম কৰি থকা চাৰিজন শ্ৰমিক জুইৰ শিখাৰ মাজত আবদ্ধ হৈ পৰে ।
এই জুই নুমুৱাবলৈ যাওঁতেই এজন শ্ৰমিকৰ থিতাতে মৃত্যু হয় আৰু গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আন তিনিজন শ্ৰমিক । আটাইকেইজন শ্ৰমিকসকলকে চিকিৎসাৰ বাবে আলমোৰা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, আলমোৰা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আন এজন শ্ৰমিকৰ ।
বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে বিখ্যাত কবি সুমিতানন্দ পন্তৰ জন্ম গাঁও ছেউনৰাকটৰ অৰণ্যত হঠাতে অগ্নিকাণ্ড ঘটনা সংঘটিত হয় । কিছু সময়ৰ ভিতৰতে এই জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে । বনজুইৰ এই কাণ্ডৰ সময়তে বনাঞ্চলত কাম কৰা চাৰিজন নেপালী শ্ৰমিক জুইৰ শিখাৰ মাজত আবদ্ধ হৈ পৰে । চাৰিওজন শ্ৰমিকে জুই নুমুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে যদিও সফল নহ’ল তেওঁলোক ৷ এই বনজুইৰ ফলত দীপক বাহাদুৰ নামৰ এজন নেপালী শ্ৰমিকৰ মৃত্যু হয় । ইফালে আন তিনিজন শ্ৰমিক জ্ঞানেশ, তৰা আৰু পূজা পোৰাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
এই কথা গম পাই গাঁওবাসীয়ে আহতসকলক খৰখেদাকৈ হাবিৰ পৰা উলিয়াই আনে । ঘটনাস্থলীত উপস্থিত থকা শ্ৰমিকসকলৰ ঠিকাদাৰ তথা প্ৰাক্তন মুৰব্বী ৰমেশ ভাকুনীয়ে জনোৱা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে জৰুৰীকালীন সেৱাৰ ১০৮ এম্বুলেন্সক খবৰ দিয়া হৈছে । কিন্তু চাৰি ঘণ্টাৰ উকলি যোৱাৰ পাচতো এম্বুলেন্স সেই স্থানত উপস্থিত নহ’ল । যাৰ বাবে আহতসকলক স্থানীয় বাহনতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।