নতুন দিল্লী :বাই ইণ্ডিয়ান (আই ডি ডি এম) শ্ৰেণীৰ অধীনত ভাৰতীয় সেনাই এল এণ্ড টি লিমিটেডৰ সৈতে ৮০.৪৩ কোটি টকা ব্যয়সাপেক্ষ ২২৩ টা স্বয়ংক্ৰিয় ৰাসায়নিক এজেণ্ট চিনাক্তকৰণ আৰু এলাৰ্ম (Automatic Chemical Agent Detection and Alarm, ACADA) ব্যৱস্থা ক্ৰয়ৰ এক চুক্তি স্বাক্ষৰ কৰে ।
এই চুক্তিয়ে ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰতা অভিযানক উৎসাহিত কৰিব । কিয়নো এই সঁজুলিবোৰৰ ৮০ শতাংশতকৈও অধিক উপাদান আৰু উপ-ব্যৱস্থা স্থানীয়ভাৱে আহৰণ কৰা হ'ব । এক চৰকাৰী বিজ্ঞপ্তিত এই কথা কোৱা হৈছে ।
বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে ডি আৰ ডিঅ'ৰ গোৱালিয়ৰৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানে এ চি এ ডি এ ডিজাইন আৰু বিকশিত কৰিছে । আনহাতে, ই চি বি আৰ এন (Chemical, Biological, Radiological, and Nuclear) বা ৰাসায়নিক, জৈৱিক, ৰেডিঅ'লজিকেল আৰু নিউক্লিয়াৰ ক্ষেত্ৰত দেশৰ স্বদেশীকৰণ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে ।