নিউজ ডেস্ক, ১২ মাৰ্চ :বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বা চিএএৰ বাবে কেন্দ্ৰই জাননী জাৰি কৰাৰ দিনাই বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে সোমবাৰে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্ধাৰণ কৰিবলৈ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত নিৰ্বাচনী পেনেলে নিৰ্বাচনৰ বাবে সম্ভাৱ্য প্ৰাৰ্থীৰ নাম সন্দৰ্ভত আলোচনা কৰে । ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ (চিইচি) দ্বিতীয়খন বৈঠক সোমবাৰে নিশা ৰাষ্ট্ৰীয় ৰাজধানীত সমাপ্ত হয় । তাত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰায় ৯০ জন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে । সংবাদ সংস্থা এএনআয়ে এক সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে ।
দলৰ সূত্ৰ অনুসৰি, দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত সাতখন ৰাজ্যৰ প্ৰায় ৯০ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় । এই সন্দৰ্ভত দলটোৱে শীঘ্ৰেই এক আনুষ্ঠানিক ঘোষণাৰ আশা কৰিছে ।
বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে অন্যান্যসকলে অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, প্ৰহ্লাদ যোশী, নিত্যানন্দ ৰায়, দলৰ সাংসদ সুশীল মোদী, চি আৰ পাটিল, তেলেংগানাৰ সভাপতি কিষাণ ৰেড্ডী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, উপ মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল বৈঠকত উপস্থিত থকা বিশিষ্ট নেতাসকলৰ ভিতৰত অন্যতম ।
সূত্ৰ অনুসৰি, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, বিহাৰ, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ লোকসভা আসন সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় । অৱশ্যে বিহাৰ, তামিলনাডু আৰু ওড়িশাত মিত্ৰজোঁটৰ আলোচনা চলি থকা বাবে এই ৰাজ্যসমূহৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাত পলম হ'ব পাৰে । সূত্ৰটোৱে কয় ।