অসম

assam

By PTI

Published : 19 hours ago

ETV Bharat / bharat

বেংগালুৰুৰ মহিলাক হত্যা গোচৰ : ওড়িশাত মৃত অৱস্থাত উদ্ধাৰ সন্দেহজনক অভিযুক্ত - Bengaluru Woman Murder Case

Bengaluru brutal murder : বেংগালুৰুত এগৰাকী মহিলাক হত্যাৰ পিছত মৃতদেহ টুকুৰা-টুকুৰ কৰি ফ্ৰিজত ভৰাই থোৱা ঘটনাৰ সন্দেহজনক অভিযুক্তৰ মৃতদেহ উদ্ধাৰ । মুক্তি ৰঞ্জন ৰায় নামৰ সন্দেহজনক অভিযুক্তজনৰ মৃতদেহ ওড়িশাত উদ্ধাৰ হয় । ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা এখন ডায়েৰীত অভিযুক্তই উল্লেখ কৰিছিল যে তেওঁ মহালক্ষ্মীক হত্যাৰ পিছত শৰীৰটো টুকুৰা-টুকুৰ কৰি ফ্ৰিজত ৰাখিছিল ।

Bengaluru Brutal Murder
মহালক্ষ্মী হত্যাৰ সন্দেহজনক অভিযুক্তক ওড়িশাত মৃত অৱস্থাত উদ্ধাৰ (ANI Photo)

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ :মুম্বাইৰ শ্ৰদ্ধাকাণ্ডৰ ভয়াৱহ স্মৃতি মাৰ নৌযাওঁতেই যোৱা শনিবাৰে বেংগালুৰুত সংঘটিত হয় আন এক শিহৰণকাৰী ঘটনা । এটা ফ্লেটত এগৰাকী মহিলাক হত্যা কৰি তেওঁৰ মৃতদেহটো প্ৰায় ৩০ টুকুৰা কৰি ফ্ৰিজত ভৰাই থৈ যায় হত্যাকাৰীয়ে । মহালক্ষ্মী নামৰ এই মহিলাগৰাকী ফ্লেটটোত অকলে আছিল । ফ্লেটটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ পিছত আবাসীসকলে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি ফ্ৰিজৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীৰ টুকুৰা-টুকুৰ মৃতদেহ ।

এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই পৰৱৰ্তী সময়ত এগৰাকী ব্যক্তিৰ ওপৰত সন্দেহ ওপজে আৰক্ষীৰ । আৰক্ষীয়ে সন্দেহজনক ব্যক্তিজনক পশ্চিমবংগৰ বাসিন্দা বুলি প্ৰকাশ কৰি ব্যক্তিজনৰ সন্ধানত অনুসন্ধান অভিযান আৰম্ভ কৰে । তেনে সময়তে বুধবাৰে ওড়িশাত উদ্ধাৰ হয় সন্দেহজনক অভিযুক্তৰ মৃতদেহ ।

এগৰাকী বিষয়াই জনোৱা অনুসৰি, বেংগালুৰুত এগৰাকী মহিলাক নিৰ্মমভাৱে হত্যা কৰাৰ মূল সন্দেহজনক এজন ব্যক্তিৰ মৃতদেহ বুধবাৰে ওড়িশা আৰক্ষীয়ে ভদ্ৰক জিলাত উদ্ধাৰ কৰে ।

আৰক্ষীয়ে মৃত মুক্তি ৰঞ্জন ৰায়ৰ মৃতদেহৰ ওচৰত এখন ডায়েৰীও উদ্ধাৰ কৰে, য'ত মহিলাগৰাকীক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰি তেওঁৰ ঘৰৰ ফ্ৰিজত ভৰাই থোৱা বুলি উল্লেখ কৰা আছে । আৰক্ষীয়ে ডায়েৰীখন মৃত মুক্তি ৰঞ্জন ৰায়ৰ বুলি অনুমান কৰিছে আৰু এই অনুমানৰ ভিত্তিত মহালক্ষ্মীৰ হত্যাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰে ।

এই সন্দৰ্ভত ভদ্ৰকৰ এছ পি বৰুণ গুন্টুপল্লীয়ে কয়, "ধুচুৰী আৰক্ষী থানাৰ অন্তৰ্গত ভূইনপুৰ গাঁৱৰ বাসিন্দা ৰায় (৩০) মহিলাগৰাকীৰ হত্যাকাণ্ডৰ মুখ্য সন্দেহজনক আছিল । অভিযোগ অনুসৰি, তেওঁ ২৯ বছৰীয়া মহিলা মহালক্ষ্মীৰ শৰীৰৰ বিচ্ছিন্ন অংশ আৱিষ্কাৰ হোৱাৰ পিচৰ পৰা পলাতক হৈ আছিল ।"

আনহাতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত কৰ্ণাটকৰ গৃহ মন্ত্ৰী জি পৰমেশ্বৰে কৈছিল যে আৰক্ষীৰ ওচৰত ওড়িশাত সন্দেহজনক ব্যক্তিজনৰ উপস্থিতিৰ বিষয়ে তথ্য আছে । এই গোচৰটোত অভিযুক্তক ধৰিবৰ বাবে গঠন কৰা দলক তালৈ প্ৰেৰণ কৰা হৈছে । "আমি ভদ্ৰক জিলাত মুক্তি ৰঞ্জন ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰিছো । মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰা হয় ।" ধুচুৰী আৰক্ষী থানা আই আই চি শান্তনু জেনাই কয় ।

আনহাতে, আৰক্ষী অধীক্ষকে কয় যে আৰক্ষীয়ে ৰায়ৰ এখন ডায়েৰী উদ্ধাৰ কৰিছে, য'ত তেওঁ স্বীকাৰ কৰিছে যে তেওঁ বেংগালুৰুৰ মহিলাগৰাকীক হত্যাৰ পিছত মৃতদেহটো ৫৯ টুকুৰাকৈ বিভক্ত কৰিছিল । হত্যাৰ পিছত তেওঁ বাংগালুৰুৰ পৰা গাঁৱলৈ উভতি গৈছিল । কৰ্ণাটক আৰক্ষীয়ে ভদ্ৰক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে নেকি বুলি সোধাত জেনাই কয়, "আমি এটা বাৰ্তা পাইছিলো, কিন্তু কৰ্ণাটক আৰক্ষীৰ কোনো প্ৰতিনিধি ইয়াত উপস্থিত হোৱা নাই ।"

উল্লেখ্য যে মহালক্ষ্মীৰ কাটি টুকুৰা-টুকুৰ কৰা মৃতদেহটো ফ্ৰিজত ভৰাই থোৱা অৱস্থাত শনিবাৰে তেওঁৰ মাতৃ আৰু জ্যেষ্ঠ ভগ্নীৰ উপস্থিতিত উদ্ধাৰ কৰা হৈছিল ।

আনহাতে, মৃত মহিলাগৰাকীৰ পৰা বিচ্ছেদিত স্বামীয়ে দেওবাৰে মহালক্ষ্মীৰ পৰিচিত এজন ব্যক্তি এই ঘটনাৰ সৈতে জড়িত থকাৰ বিষয়ে সন্দেহ প্ৰকাশ কৰে । তেওঁ মহালক্ষ্মীৰ চুবুৰীয়া হিচাপে অকলে বাস কৰি আছিল ।

লগতে পঢ়ক :মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ জব্দ নিৰাপত্তা বাহিনীৰ - Manipur Violence
লগতে পঢ়ক :কেৰালাত চিলিণ্ডাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত অসমৰ শ্ৰমিক - Assam Labour injured in Kerala

ABOUT THE AUTHOR

...view details