অসম

assam

ETV Bharat / bharat

দৰাৰ সাজত বাবা বিশ্বনাথ আৰু কইনা হ'ল পাৰ্বতী - MAHA SHIVRATRI 2025

বাৰাণসীত এক বিশেষ বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে । শিৱৰাত্ৰিৰ নিশা এই বিয়াৰ বৰযাত্ৰীৰ অংশ হ'ল সাধু-সন্ন্যাসী আৰু বিদেশী নাগৰিক ।

Maha Shivratri 2025
বাৰণসীত বাবা বিশ্বনাথ আৰু মা পাৰ্বতীৰ বিয়া (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 27, 2025, 11:11 AM IST

বাৰণসী :শিৱৰাত্ৰিৰ নিশা এক বিশেষ বৰযাত্ৰী । ভস্ম আৰু তিলকেৰে সন্ন্যাসীসকলো গান গাই, নাচি নাচি আগবাঢ়ি গৈছিল । বিদেশী ভক্তও বৰযাত্ৰীৰ অংশ হৈছিল । মুঠতে বাৰাণসীত উখল মাখল পৰিৱেশ ।

আচলতে এই বিয়া আছিল বাবা বিশ্বনাথ আৰু মা পাৰ্বতীৰ । মহাশিৱৰাত্ৰিৰ বিশেষ পৰম্পৰা অনুসৰি বাবা বিশ্বনাথ দৰাৰ সাজত ৰথৰ ওপৰত আছিল । চাৰিওফালে হৰ-হৰ মহাদেৱৰ ধ্বনি শুনিবলৈ পোৱা গৈছিল । ইয়াৰ পূৰ্বে বাবা বিশ্বনাথক ৰাজকীয় পোছাকত সজ্জিত কৰা হয় ।

বাৰণসীত বাবা বিশ্বনাথ আৰু মা পাৰ্বতীৰ বিয়া (ETV Bharat)

বাবাৰ প্ৰতিমাক দৰাৰ সাজেৰে সজোৱা হয় । মা পাৰ্বতীকো মথুৰাৰ পৰা অনা এক বিশেষ ৰঙা লেহেংগা পিন্ধোৱা হয় ।

  • বিশেষ আৰতিৰ পিছত বাবাক ভোগ আগবঢ়োৱা হয় :

পণ্ডিত ভাচস্পতি তিৱাৰীয়ে টেড়ী নিমত অৱস্থিত প্ৰাক্তন মহন্তৰ বাসগৃহত ৩৫০ বছৰ পুৰণি পৰম্পৰা বজাই ৰাখি বাবা বিশ্বনাথ আৰু মা পাৰ্বতীৰ বিবাহ সম্পন্ন কৰে । এই উপলক্ষে প্ৰায় ৪০০ বছৰ পুৰণি স্ফটিক শিৱলিংগক প্ৰথমে পিতলৰ থালত ৰখা হয় আৰু সকলো দেৱতাক মন্ত্ৰৰ সৈতে ভগৱান শিৱৰ বিয়ালৈ আমন্ত্ৰণ জনোৱা হয় ।

দৰাৰ সাজত বাবা বিশ্বনাথ (ETV Bharat)

তাৰ পিছত এক বিশেষ আৰতি পৰিৱেশন কৰা হয় আৰু বাবাক ফলৰ নৈবেদ্য আগবঢ়োৱা । এই উপলক্ষে মংগল বন্দনা গোৱা হয় । ইয়াৰ পিছত, মহাশিৱৰাত্ৰিৰ মহানিশা বাবা বিশ্বনাথৰ বিবাহ আৰম্ভ হয় ।

লাখ লাখ ভক্তৰ ভিৰ (ETV Bharat)
  • ৫ কিঃমিঃ দূৰলৈ ভক্তৰ শাৰী :

মহাশিৱৰাত্ৰিত লাখ লাখ ভক্তই বাবা বিশ্বনাথৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ প্ৰায় ৫ কিলোমিটাৰ দীঘল শাৰীত থিয় হৈ থাকিল । পুৱাৰে পৰা মাজনিশালৈকে প্ৰায় ৯,০৭,৪৩৫ গৰাকী ভক্তই বাবাৰ দৰ্শন কৰে আৰু তেওঁৰ আশিস লয় ।

লাখ লাখ ভক্তৰ ভিৰ (ETV Bharat)

ইফালে বুধবাৰে নিশা ২ বজাত মংগলা আৰতিৰ পিছত বাবা বিশ্বনাথৰ দৰ্শন আৰম্ভ হয় আৰু বৃহস্পতিবাৰে নিশা ১ বজালৈকে নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকে । পুৱা বিভিন্ন আখাড়াৰ সন্ন্যাসীয়ে শোভাযাত্ৰাৰ আয়োজন কৰে ।

সন্ন্যাসীসকলে বাবাৰ আশিস গ্ৰহণ কৰে । তাৰ পিছতে সাধাৰণ ভক্তসকলৰ বাবেও দুৱাৰ মুকলি কৰা হয় । ভক্তসকলে বাবা বিশ্বনাথৰ আশিস ল'বলৈ বিভিন্ন দুৱাৰেৰে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে । এই উপলক্ষে বাবা বিশ্বনাথৰ এক আকৰ্ষণীয় বৰযাত্ৰীও উলিওৱা হয় ।

দৰাৰ সাজত বাবা বিশ্বনাথ (ETV Bharat)

প্ৰথমে বাবা মহাদেৱে দৰা হিচাপে বৰযাত্ৰীৰ সন্মুখত থাকে । তেওঁক অনুসৰণ কৰে বৰযাত্ৰীৰ আন আন লোকসকলে । এই বৰযাত্ৰী দৰ্শন কৰিবলৈ বহু লোকে ভিৰ কৰে ।

  • নিশা ১.৩০ বজাৰ পৰা প্ৰথম প্ৰহৰৰ আৰতি :

মহাশিৱৰাত্ৰি উপলক্ষে পুৱা ১:৩০ বজাত বাবা বিশ্বনাথৰ দৰবাৰত প্ৰথম প্ৰহৰৰ আৰতি অনুষ্ঠিত হয় । বিভিন্ন ৰীতি-নীতিৰে বাবাক পূজা অৰ্চনা কৰা হয় । তাৰ পিছতে মহান আৰতি আৰম্ভ হয় । পৰৱৰ্তী সময়ত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হয় ।

লগতে পঢ়ক :মহাকুম্ভৰ সামৰণি: মহাশিৱৰাত্ৰিত অন্তিম 'স্নান'ৰ বাবে ভক্তৰ ভিৰ - MAHAKUMBH SNAN ON MAHASHIVRATRI

ABOUT THE AUTHOR

...view details