ETV Bharat / state

আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3

author img

By

Published : Dec 26, 2019, 2:36 PM IST

ৰাজ্যত সঘনাই সংঘটিত হ'বলৈ ধৰি পথ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে পুৱা গুৱাহাটী মহানগৰীৰ আদাবাৰীত তীব্ৰ বেগী বাছে মহতিয়ালে স্কুটী আৰোহীক ৷ হোজাইত তীব্ৰবেগী ইয়নে খুন্দিয়ালে চলন্ত ট্ৰাকত ৷

আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3
আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3

গুৱাহাটী,হোজাই, 26 ডিচেম্বৰ : সঘনাই এটাৰ পাচত আন এটা পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে ৰাজ্যৰ ৰাজপথসমূহত ৷ ব্যতিক্ৰম নহ'ল বৃহস্পতিবাৰেও ৷ মহানগৰীৰ আদাবাৰীত পুৱাই সংঘটিত হ'ল ভয়াৱহ পথ দুৰ্ঘটনা ৷ তীব্ৰ বেগী বাছৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী ৷ দুৰ্ঘটনাত নিহত হোৱা যুৱকজন গাড়ীগাঁৱৰ ফাৰহান নাদিম বুলি জানিব পৰা গৈছে ৷ উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত ফেকাল্টি কলেজৰ স্নাতকৰ ছাত্ৰ আছিল নাদিম ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ এৰি পলায়ন কৰে চালক-হেণ্ডিমেনে ৷ সম্প্ৰতি জালুকবাৰী যানবাহন আৰক্ষীয়ে জব্দ কৰে AS-20-1367 নম্বৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছখন ৷

আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা

আনহাতে, হোজাইৰ বৰবহাতো সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS-01BB-8774 নম্বৰৰ তীব্ৰবেগী এখন ইয়ন গাড়ীয়ে AS-01FC-6347 নম্বৰৰ ট্ৰাকখনৰ পিচফালেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলাকে ধৰি তিনিজন লোক ৷ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইতিমধ্যে নীলবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰে গাড়ী দুখন ৷

লগতে চাওকঃ দেউৰী লোকনৃত্য-গীতেৰে উখল-মাখল শ্ৰীপাণি

Intro:মহানগৰীত অব্যাহত আছে ASTC বাছৰ দৌৰাত্ম্য। তীব্ৰ বেগী বাছৰ খুন্দাত নিহত স্কুটী আৰোহী। মহানগৰীৰ আদাবাৰীত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত হোৱা যুৱকজন গাড়ীগাঁৱৰ ফাৰহান নাদিম বুলি জানিব পৰা গৈছে। উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত ফেকাল্টি কলেজৰ স্নাতকৰ ছাত্ৰ আছিল নাদিম। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ এৰি পলায়ন কৰে চালক-হেণ্ডিমেনে। সম্প্ৰতি জালুকবাৰী যানবাহন আৰক্ষীয়ে জব্দ কৰে AS 20 1367 নম্বৰৰ ASTC বাছখন। উল্লেখযোগ্য যে মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.