অবড়ো ৰাইজক কে পি এফ দলৰ প্ৰতিশ্ৰুতি: বড়োলেণ্ড কঁপি উঠিব বুলি দাবী - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 8:28 PM IST

thumbnail

চিৰাং, 30 এপ্ৰিল: চিৰাঙৰ চিদলীত কমতাপুৰ পিপলচ ফ্ৰন্টৰ সংবাদমেল । সংবাদমেলত কোকৰাঝাৰ লোকসভা সমষ্টিত দলটোৱে আগবঢ়োৱা প্ৰাৰ্থী তৃপ্তিনা ৰাভা উপস্থিত থাকে । মনোনয়ন পত্ৰ দাখিলৰ পিচত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি নিজৰ মতামত ব্যক্ত কৰে প্ৰাৰ্থীগৰাকীয়ে ।

সংবাদমেলত কমতাপুৰ পিপলচ ফ্ৰণ্টৰ সম্পাদকদ্বয় ক্ৰমে একলব্য চক্ৰৱৰ্তী আৰু ভূপেন ৰায়, কোকৰাঝাৰ লোকসভা সমষ্টিৰ তদাৰক সমিতিৰ সভাপতি ত্ৰিদিপ সিংহ উপস্থিত থাকে । কে পি এফৰ প্ৰাৰ্থী তৃপ্তিনা ৰাভাৰ চিৰাং জিলাৰ চিদলীস্থিত বাসগৃহত আয়োজিত সংবাদমেলত কমতাপুৰ পিপলচ ফ্ৰণ্টৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে অৱগত কৰে সম্পাদক ভূপেন ৰায় আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচন তদাৰক সমিতিৰ সভাপতি ত্ৰিদিপ সিংহই ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ 80 শতাংশ অবড়ো ভোটাৰে তৃপ্তিনা ৰাভাক ভোট প্ৰদান কৰাৰ আহ্বান দলটোৰ নেতৃত্বৰ ৷ উক্ত অবড়ো লোকসকলৰ আশা-আকাংক্ষা পূৰণ কৰাটোৱেই দলটোৰ উদ্দেশ্য বুলি সদৰী কৰে ৷

লগতে পঢ়ক: ৰংজুলিত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.