ETV Bharat / state

লহপহকৈ বাঢ়ি অহা খেতিডৰালৈ চাই প্ৰাপ্তিৰ হাঁহি মাৰিছে একাংশ কৃষকে - Boro Paddy Cultivation

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:48 PM IST

BORO PADDY CULTIVATION
বৰো ধানৰ খেতি

সপোনৰ সোণগুটিয়ে সুখী কৰিছে একাংশ কৃষকক ৷ ভঁড়াল ভৰাকৈ পথাৰত ওলমিছে সোণালী, লাল গংগা, আচ্চা ধান ৷ কৃষকসকল ওঁঠত ওলমিছে নিৰ্ভেজাল হাঁহি ৷

সুখী হ’ব পৰাকৈ খেতি ভাল হৈছে মৰিগাঁৱত

মৰিগাঁও, 30 এপ্ৰিল: সুখী হ’ব পৰাকৈ খেতি ভাল হৈছে মৰিগাঁৱত ৷ চহা কৃষক, ৰোৱনী-দাৱনীৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে সোণালী, লাল গংগা, আচ্চা আদি উন্নত জাতৰ বৰোধানে ৷ চালে চকুৰোৱা হৈ পৰিছে মৰিগাঁৱৰ ফেঁচামাৰা পথাৰ ৷ প্ৰতিখন পথাৰত জিলিকিছে আশাৰ ৰেঙনি ৷ মৰিগাঁৱৰ বৰোতলী পথাৰত সেউজ বিপ্লৱৰ সূচনা কৰিছে মৰিগঞা চহা-কৃষক, ৰোৱনী-দাৱনীয়ে ৷

মৰিগাঁও চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত এই ফেঁচা মাৰা পথাৰলৈ নামি আহিছে হেঁপাহৰ সেউজীয়া । বানে গৰকা লখিমী পথাৰত যেন সাকাৰ ৰূপ লৈছে কৃষকৰ সপোনে ৷ তাকে দেখি ৰোৱনী-দাৱনীৰ মুখত স্বতঃস্ফূৰ্তভাৱে বিৰিঙিছে হাঁহি ৷

মাঘৰ শেষত, ফাগুনৰ পহিলাতে আধিয়া মাটিডৰা কৰ্ষণ কৰি উন্নত জাতৰ বীজ ৰোপণ কৰে কৃষকসকলে ৷ চৰকাৰী নহয়, নিজাববীয়া জলসিঞ্চনৰ পিচত লহপহকৈ বাঢ়ি আহিছে খেতিডৰা ৷ কৃষকে মনে বিচৰা ধৰণৰ হৈছে হেঁপাহৰ বৰো ধানডৰা ৷ ফেঁচামাৰা পথাৰৰ প্ৰগতিশীল কৃষক বিপুল ডেকাৰ মতে, এইবেলি প্ৰতিবিঘা মাটিত কমেও ৩০/৩২ মোনকৈ ধান উৎপাদন হ'ব ।

কৃষকগৰাকীৰ মতে, যদিহে পথাৰখনত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা থাকিলহেঁতেন সমগ্ৰ পথাৰখনেই বৰো ধানৰে ভৰি পৰিলহেঁতেন । জলসিঞ্চনৰ অভাৱত উদং হৈ আছে বহু উৰ্বৰা ভূমি ৷ ইয়াৰ মাজতে কোনো কোনো আগশাৰীৰ কৃষকে অগভীৰ সৌৰচালিত নলী-নাদ বহুৱাই বৰো ধান উৎপাদনৰ বাবে আগবাঢ়িছে ।

অঞ্চলটোৰ বহু কৃষকে আধি খেতি কৰি পোহপাল দিয়ে পৰিয়াল ৷ তেল, সাৰ, কঠিয়া ক্ৰয় কৰি কঁকাল ভাগি যোৱাৰ পিচতো সোণগুটিৰে পথাৰখন উপচি পৰাত আনন্দিত হৈছে কৃষকসকল ।

লগতে পঢ়ক: ভোট জলকীয়াই হাঁহি বিৰিঙাইছে গনেশ কুলিৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.