ETV Bharat / sports

টি-২০ বিশ্বকাপৰ বাবে ইংলেণ্ডৰ দল ঘোষণা, নেতৃত্বত বাটলাৰ, দললৈ প্ৰত্যাৱৰ্তন আৰ্চাৰৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:18 PM IST

20 World Cup 2024
ENGLAND CRICKET TEAM

ENGLAND CRICKET TEAM: জুন মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ইংলেণ্ডে ১৫ জনীয়া দল ঘোষণা । পেচাৰ জোফ্ৰা আৰ্চাৰে পুনৰ দললৈ উভতি আহিছে । ৪ জুনত দলটোৱে নিজৰ অভিযান আৰম্ভ কৰাৰ বাবে এই প্ৰতিযোগিতাত অধিনায়ক হিচাপে থাকিব জোছ বাটলাৰ ।

নিউজ ডেস্ক, ৩০ এপ্ৰিল: ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে আৰু জোছ বাটলাৰে দলটোক নেতৃত্ব দিব ।

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি খেলৰ পৰা আঁতৰি থকাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উভতি অহাৰ বাবে বহু প্ৰত্যাশিত দলটোত নিৰ্বাচিত হৈছে পেচাৰ জোফ্ৰা আৰ্চাৰ । ২০২১ চনৰ পৰা কঁকালৰ সমস্যাৰ বাবে খেলৰ পৰা আঁতৰি থকা ২৯ বছৰীয়া আৰ্চাৰ দুটামান অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল । ইয়াৰ পিছত পিঠিৰ আঘাতৰ বাবে ২০২২ চনৰ বেছিভাগ সময় খেলৰ পৰা আঁতৰি থাকে ।

ইংলেণ্ডে আশা কৰিছে যে সোঁহাতৰ পেচাৰগৰাকীয়ে পাকিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ফিট হৈ থাকিব আৰু তাৰ পিছত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত প্ৰদৰ্শন কৰিব ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলি থকা সংস্কৰণত কিছু আকৰ্ষণীয় ন’ক খেলা জনী বেয়াৰষ্ট’ আৰু উইল জেকছো দলটোত আছে । তালিকাত একমাত্ৰ আনকেপড খেলুৱৈ হৈছে বাওঁহাতৰ স্পিনিং অল ৰাউণ্ডাৰ টম হাৰ্টলী ।

ফিল ছল্ট, উইল জেকছ, জোছ বাটলাৰ আৰু জনী বেয়াৰষ্ট’ৱে শীৰ্ষ অৰ্ডাৰত স্থান লাভ কৰিব । ইংলিছ দলটোৰ তালিকাত ছেম কাৰাণ, মইন আলী, আৰু লিয়াম লিভিংষ্টনৰ দৰে অল-ৰাউণ্ডাৰ থকাৰ বিপৰীতে জোফ্ৰা আৰ্চাৰ, ৰিছ টপলি, মাৰ্ক উড আৰু ক্ৰীছ জৰ্ডানে পেচ আক্ৰমণত স্থান লাভ কৰিছে ।

স্কোৱাড: জোছ বাটলাৰ (কেপ্তেইন), জোফ্ৰা আৰ্চাৰ, জনী বেয়াৰষ্ট’, উইল জেকছ, ছেম কাৰাণ, মইন আলী, বেন ডাকেট, টম হাৰ্টলি, ক্ৰীছ জৰ্ডান, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, ফিল ছল্ট, হেৰী ব্ৰুক, ৰিচ টপলি, মাৰ্ক উড ।

লগতে পঢ়ক: ৰোহিত অধিনায়ক, হাৰ্দিক সহঅধিনায়ক, ৰাহুল আউট সঞ্জু-পন্ত ইন; টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.