ETV Bharat / sports

আকৌ ট্ৰেকলৈ ঘূৰি আহিছে ধিং এক্সপ্ৰেছ - Hima Das

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 5:38 PM IST

National Anti-Doping Agency lifts ban on Hima Das
আকৌ ট্ৰেকলৈ ঘূৰি আহিছে ধিং এক্সপ্ৰেছ

Hima Das gets back on track: আকৌ ট্ৰেকত দৌৰৰাণী হিমা দাস । নেশ্যনেল এণ্টি ড’পিং এজেন্সীয়ে প্ৰত্য়াহাৰ কৰিলে হিমা দাসৰ ওপৰত থকা নিষেধাজ্ঞা । যোৱা বৰ্ষৰ চেপ্তেম্বৰত সামায়িকভাৱে নিলম্বন কৰিছিল ধিং এক্সপ্ৰেছ হিমা দাসক । নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছতে বেংগালুৰুত ইণ্ডিয়ান গ্ৰাপিত অংশগ্ৰহণ কৰিব হিমা দাসে ।

গুৱাহাটী, ৩০ এপ্ৰিল: দীৰ্ঘদিনৰ নিষেধাজ্ঞাৰ অন্তত আকৌ ট্ৰেকলৈ উভতি আহিব অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাস ৷ নেশ্যনেল এণ্টি ড’পিং এজেন্সী (NADA)য়ে হিমা দাসৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত ধিং এক্সপ্ৰেছলৈ আহিল এই ভাল‌ খবৰটো । উল্লেখ্য যে, নেশ্যনেল এণ্টি ড’পিং এজেন্সীয়ে হিমা দাসক যোৱা বৰ্ষৰ চেপ্তেম্বৰত সাময়িকভাৱে নিলম্বন কৰিছিল ।

এই নিষেধাজ্ঞা প্ৰত্য়াহাৰ কৰাৰ পিছত হিমা দাসে বেংগালুৰুত ইণ্ডিয়ান গ্ৰাপিত অংশগ্ৰহণ কৰিব । মহিলাৰ ২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব খেলুৱৈগৰাকীয়ে । ২০২৩ চনত ইণ্ডিয়ান গ্ৰাপিত স্বৰ্ণ পদক লাভ কৰিছিল হিমা দাসে ।

২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত হিমাই ৰূপৰ পদক লাভ কৰিছিল জাকাৰ্টাত মহিলাৰ ৪x৪০০ মিটাৰ আৰু মিক্সড ৪x৪০০ মিটাৰ ৰিলেত সোণ আৰু ৰূপৰ পদক লাভ কৰা দলটোৰ অংশও আছিল ধিং এক্সপ্ৰেছ । আঘাতৰ বাবে চীনত ২০২৩ চনত অনুষ্ঠিত এছিয়ান গেমছলৈ তেওঁ নিৰ্বাচন হোৱা নাছিল ।

পিছে, নেশ্যনেল এণ্টি ড’পিং এজেন্সীয়ে হিমা দাস ড’পিং টেষ্টত ব্যৰ্থ হোৱাৰ বাবে ১২ মাহত তিনিবাৰকৈ তেওঁক নিলম্বন কৰা হৈছিল । বিগত বৰ্ষৰ চেপ্তেম্বৰত হিমা দাসক নিলম্বন কৰিছিল নেশ্যনেল এণ্টি ড’পিং এজেন্সীয়ে । ড’পিং টেষ্টৰ নিয়ম অনুসৰি খেলুৱৈসকলক তেওঁলোকৰ নিশাৰ স্থানৰ সম্পূৰ্ণ ঠিকনা, প্ৰশিক্ষণ, কাম বা অন্যান্য নিৰ্ধাৰিত কাৰ্য-কলাপৰ বাবে যোৱা প্ৰতিটো স্থানৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰ লগতে প্ৰতিটো কাৰ্য-কলাপৰ সাধাৰণ সময় প্ৰদান কৰিব লাগে । এনে নিয়মানুৱৰ্তিতা মানি নচলিলে ড’পিং টেষ্টত বিফল হোৱা বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক: Hima Das Provisionally Suspended By NADA : ড'পিং টেষ্টত ১২ মাহত তিনিবাৰ বিফল; হিমা দাসক অস্থায়ীভাৱে নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.