ETV Bharat / sports

এইডেন মাৰ্ক্ৰামৰ নেতৃত্বতত টি-২০ বিশ্বকাপৰ যুঁজত নামিব দক্ষিণ আফ্ৰিকা - ICC T20 WC 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 4:29 PM IST

Updated : Apr 30, 2024, 4:57 PM IST

ICC T20 WC 2024
ICC T20 WC

ICC T20 WC: দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব'ৰ্ডে আই চি চি টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰিছে দলৰ নাম । আইডেন মাৰ্ক্ৰামে নেতৃত্ব দিব প্ৰটিয়াছ বাহিনীক ।

স্প’ৰ্টছ ডেস্ক, ৩০ এপ্ৰিল: আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ বাবে দক্ষিণ আফ্ৰিকাই ঘোষণা কৰিছে নিজৰ দলৰ খেলুৱৈৰ তালিকা । আইডেন মাৰ্ক্ৰামক অধিনায়কৰ দায়িত্ব দিয়া হৈছে দলটোৰ । প্ৰটিয়াছে মাৰ্ক্ৰামৰ নেতৃত্বত নামিব এই সন্মানীয় যুঁজত ।

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ । আই চি চিৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, শেহতীয়াকৈ ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ কেন্দ্ৰীয় চুক্তি তালিকাৰ পৰা বাদ পৰা এনৰিচ নৰ্টজে আৰু কুইণ্টন ডি ককক ১৫ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

পিঠিৰ আঘাতৰ বাবে ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা আঁতৰি থকা নৰ্টজেৰ বিপৰীতে ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ পিছত এদিনীয়া খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ডি ককে, তেওঁ ইতিমধ্যে ২০২২ চনত টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লৈছিল ।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা এছ এ ২০ প্ৰতিযোগিতাত অবিশ্বাস্য প্ৰদৰ্শনৰ পৰা লাভৱান হৈছে ৰিকেলটন আৰু অটনিয়েল বাৰ্টমেন । তেওঁলোক দলটোৰ দুজন অকেপড টি-২০ খেলুৱৈ ।

এম আই কেপ টাউনৰ হৈ গড়ে ৫৮.৮৮ ৰান আৰু ১৭৩.৭৭ ষ্ট্ৰাইক ৰেটেৰে ৰিকেলটনে প্ৰতিযোগিতাখনৰ আগশাৰীত স্থান দখল কৰাৰ বিপৰীতে ডিফেণ্ডিং চেম্পিয়ন ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপৰ হৈ বাৰ্টমেনে ৮ খন মেচত ১৮ টা উইকেট দখল কৰে ।

প্ৰটিয়াছৰ বেটিং কোৰত আছে মাৰ্ক্ৰাম, ডি কক, ৰিজা হেণ্ড্ৰিক্স, হাইনৰিখ ক্লাচেন, ডেভিদ মিলাৰ আৰু ট্ৰিষ্টান ষ্টাবছ ।

পেচ বেটাৰীত মাৰ্কো জান্সেন আৰু জেৰাল্ড ক’টজীৰ সহযোগত কাগিছ’ ৰাবাডা আৰু নৰ্টজে । ফ্ৰণ্টলাইন স্পিনাৰ হিচাপে বিজ’ৰ্ন ফৰ্টুইন, কেশৱ মহাৰাজ আৰু টাবৰাইজ ছামচিয়ে অংশগ্ৰহণ কৰিব ।

দক্ষিণ আফ্ৰিকাৰ দল: আইডেন মাৰ্ক্ৰাম (অধিনায়ক), অটনিয়েল বাৰ্টমেন, জেৰাল্ড কোটজি, কুইণ্টন ডি কক, বিজ’ৰ্ন ফৰ্টুইন, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জান্সেন, হাইনৰিখ ক্লাচেন, কেশ্বভ মহাৰাজ, ডেভিদ মিলাৰ, এনৰিচ নৰ্টজে, কাগিছ’ ৰাবাডা, ৰিয়ান ৰিকেলটন, টাব্ৰাইজ ছামচি, ট্ৰিষ্টান ষ্টাবছ ।

সংৰক্ষিত খেলুৱৈ: নন্দ্ৰে বাৰ্গাৰ আৰু লুংগি ঙিডি ।

লগতে পঢ়ক: T-20 বিশ্বকাপ: কেন উইলিয়ামছনৰ নেতৃত্বত নিউজীলেণ্ডৰ দল ঘোষণা - T20 World Cup 2024

Last Updated :Apr 30, 2024, 4:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.