ETV Bharat / politics

নিৰ্বাচনৰ পূৰ্বে সকলোৱে প্ৰতিশ্ৰুতি দি যায়, কোনে ক’লে এইদৰে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:26 PM IST

Voters opinion in Guwahati LS constituency before 3rd phase of polling
গুৱাহাটীৰ ভোটাৰ ৰাইজৰ কি দাবী ?

Voters opinion: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰতৰ হৈছে ৪ সমষ্টিত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ । পিছে কোন প্ৰাৰ্থীয়ে জয় কৰিছে ভোটাৰ ৰাইজৰ মন ? কি সমস্যা সমাধানৰ দাবী মহানগৰীৰ পদপথৰ দোকানীৰ ? কি দাবী জনালে সাধাৰণ জনতাই ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

গুৱাহাটীৰ ভোটাৰ ৰাইজৰ কি দাবী ?

গুৱাহাটী,৩০ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণক লৈ শাসক-বিৰোধীয়ে অব্যাহত ৰাখিছে তীব্ৰ প্ৰচাৰ অভিযান । সকলো ৰাজনৈতিক দলৰ নেতা-প্ৰাৰ্থীসকলে নিজ নিজ কৌশল অৱলম্বন কৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাইপ্ৰ'ফাইলে নেতাৰে ভৰি পৰিছে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহ ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । মহানগৰীৰ পদপথত ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া ব্যৱসায়ীসকলে পদপথ ব্যৱসায়ীসকলৰ সমস্যা সমাধান কৰাৰ বাবে দাবী জনায় । চৰকাৰ যিয়ে নাহক কিয় পদপথ ব্যৱসায়ী সকলৰ সমস্যা সমাধান হ'ব লাগে । কিয়নো বছৰ বছৰ ধৰি পদপথ ব্যৱসায়ীসকলে যাতে নিৰাপদে ব্যৱসায় কৰিব পাৰে তাৰ বাবে দাবী জনাই আহিছে ।

কিন্তু আজিকোপতি পূৰণ হোৱা নাই সেই দাবী । নিৰ্বাচনৰ পূৰ্বে সকলোৱে প্ৰতিশ্ৰুতি দি যায় কিন্তু প্ৰতিশ্ৰুতি পালন কৰিবলৈহে পাহৰি যায় । সেয়েহে তেওঁলোকৰ সমস্যাৰ লগতে সাধাৰণ মানুহৰ সমস্যা যি প্ৰাৰ্থীয়ে সংসদত দাঙি ধৰিব পাৰে তেনে প্ৰাৰ্থীক প্ৰাধান্য দিব বুলি উল্লেখ কৰে একাংশ পদপথৰ ব্যৱসায়ীয়ে । ইফালে মূল্যবৃদ্ধিত কোঙা হৈ পৰা ৰাইজক সকাহ দিবলৈ আহ্বান গুৱাহাটী মহানগৰীৰ একাংশ ৰাইজে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত প্ৰায় ৩০ হাজাৰ পদপথৰ ব্যৱসায়ী আছে । চৰকাৰে সংস্থাপন দিব নোৱাৰাৰ বাবে সম্প্ৰতি বহু শিক্ষিত যুৱকে স্বাৱলম্বী হ'বলৈ পদপথত ব্যৱসায়ী আৰম্ভ কৰিছে । কিন্তু কোনো চিষ্টেম নথকাৰ বাবে গ্ৰাহকক সেৱা কৰাৰ মন থাকিলেও ব্যৱসায়ীসকলে সেৱা কৰিব নোৱাৰে । সেয়েহে পদপথ ব্যৱসায়ীসকলক ভেণ্ডিং জনকে ধৰি বাকী সা-সুবিধাবোৰ প্ৰদান কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: ভুৱা ভিভিঅ’ বনাই অপপ্ৰচাৰত লিপ্ত হৈছে কংগ্ৰেছ : অমিত শ্বাহ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.