ETV Bharat / politics

হাগ্ৰামা মহিলাৰীয়ে শাসনত নহাকৈ হাফ চেঞ্চুৰী মাৰিব : পীযুষ হাজৰীকা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 8:13 PM IST

Enter here.. Kokrajhar Lok Sabha constituency
মন্ত্ৰী পীযুষ হাজৰীকা

কিয় কংগ্ৰেছ বাদ দিছিল মন্ত্ৰী পীযুষ হাজৰীকাই ? মঙলবাৰে চিৰাঙত কংগ্ৰেছক সমালোচনা কৰি কি ক'লে মন্ত্ৰীগৰাকীয়ে ?

মন্ত্ৰী পীযুষ হাজৰীকা

চিৰাং, ৩০ এপ্ৰিল: "বিপিএফৰ নাঙলৰ ফাল নাই । ফাল নথকা নাঙলৰ কাম নাই । হাগ্ৰামা মহিলাৰীয়ে শাসনত নহাকৈ হাফ চেঞ্চুৰী মাৰিব"- এই মন্তব্য় কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাৰ । মঙলবাৰে চিৰাং জিলাৰ বিজনীত মন্ত্ৰী পীযুষ হাজৰীকাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই এইদৰে মন্তব্য় কৰে ।

মঙলবাৰে বিজনীৰ তিনি ঠাইত মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । তেওঁ ২ নং বিষ্ণুপুৰৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয় খেলপথাৰত প্ৰথমখন নিৰ্বাচনী সভাত অংশ লয় । তেওঁ বিপিএফৰ বিৰুদ্ধে সৰৱ হৈ কয়, বিপিএফে সূতা-কম্বল-আঁঠুৱাৰ ৰাজনীতি কৰিছিল ৷ বিপিএফে সামগ্ৰী যোগান নধৰাকৈয়ে টকা লৈছিল বুলিও কয় মন্ত্ৰীগৰাকীয়ে । কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই চিৰাঙৰ বিজনীত বান, খহনীয়াৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে,কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, "কংগ্ৰেছে ষাঠি বছৰত মাথো ছয়খন মেডিকেল কলেজ নিৰ্মাণ কৰিছে । আমি আঠ বছৰত সোতৰখন মেডিকেল কলেজ নিৰ্মাণ কৰিছো" ৷ কংগ্ৰেছে ভুৱা অৰ্ডাৰ দি টকা খাই শেষ কৰিছিল বুলিও তেওঁ মন্তব্য় কৰে । তেওঁ কয়, "কংগ্ৰেছ দলৰ বিধায়কে যদি গুণ্ডা বুলি কয়, কংগ্ৰেছ দলত কি থাকিলে, কংগ্ৰেছ দলৰ এয়াই চৰিত্ৰ । সেই কাৰণে আমি কংগ্ৰেছ বাদ দিছো" ৷

কেবিনেট মন্ত্ৰীগৰাকীয়ে সভাত অংশগ্ৰহণ কৰি কয়, "এক লাখ ১৯ হেজাৰ পৰিয়ালক মাটিৰ পট্টা দিছো আৰু দিম, প্ৰতিশ্ৰুতি দিছো । বিপিএফে উৰা বাতৰি উলিয়াইছে মাটিৰ পট্টা নথকা মানুহক উচ্ছেদ কৰিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা থকালৈকে, নৰেন্দ্ৰ মোদী থকালৈকে কোনো ভাৰতীয় লোকক উচ্ছেদ কৰিবলৈ কাৰো সাহস নাই । অসমত ২৭ লাখ পৰিয়ালক অৰুণোদয় দিছো" ৷

কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে বিধায়ক দিগন্ত কলিতাৰ লগতে কেইবাজনো নেতা ।

লগতে পঢ়ক: ক'ভিডকালত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিলে কি হ'লহেঁতেন, মুখ্যমন্ত্ৰীৰ বাখ্যা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.