ETV Bharat / politics

আজি প্ৰিয়ংকা গান্ধী আহিব ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ; সাজু প্ৰদেশ কংগ্ৰেছ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 6:40 PM IST

Updated : May 1, 2024, 8:04 AM IST

Priyanka Gandhi Assam visit
Lok Sabha Election 2024

Priyanka Gandhi Assam visit: আজি ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই । ৰকিবুল হুছেইনৰ হৈ চলাব প্ৰচাৰ ৷

গুৱাহাটী, ৩০ এপ্ৰিল: যোৰহাটৰ পিছত এইবাৰ ধুবুৰীত নিৰ্বাচনী ৰণডংকা বজাবলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা । অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ে সদৰী কৰা মতে, বুধবাৰে ধুবুৰীৰ গৌৰীপুৰৰ বালাপাৰাত নিৰ্বাচনী ৰণডংকা বজাবলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা । ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল‌ হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰাই মঙলবাৰে সংবাদ মাধ্যমক সদৰী কৰা‌ মতে বুধবাৰে হেলিকপ্টাৰেৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৰূপসী বিমানকোঠত অৱতৰণ কৰিব । তাৰ পৰা তেওঁ বাহনেৰে গৌৰীপুৰৰ বালাপাৰালৈ আহিব । গৌৰীপুৰৰ বালাপাৰাত দিনৰ ১১ বজাত অনুষ্ঠিত হ'বলগীয়া এখন নিৰ্বাচনী সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল‌ হুছেইনৰ হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই নিৰ্বাচনী প্ৰচাৰ চলাব ।

তেওঁলোকে জনোৱা মতে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ আগমণক লৈ কংগ্ৰেছ দলে বিশাল জনসভাৰ প্ৰস্তুতি‌ কৰিছে । উল্লেখ্য যে, ধুবুৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল‌ আৰু বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী জাভেদ ইছলাম নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে । অহা ৭ মে'ত তৃতীয় পৰ্যায়ত কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীৰ লগতে ধুবুৰী লোকসভা সমষ্টিৰো ভোটগ্ৰহণ অনুষ্ঠিত ‌হ'ব ।

উল্লেখ্য যে, অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে যোৰহাটত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা । তাৰপিছত এইবাৰ অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল‌ হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা ।

লগতে পঢ়ক: ৰাস্তাত থিয় দি হ’লেও মানুহৰ পক্ষে থকাৰ আশ্বাস প্ৰদান চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ - Lok sabha Election 2024

Last Updated :May 1, 2024, 8:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.