ETV Bharat / politics

ৰংজুলিত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:31 PM IST

Updated : Apr 30, 2024, 8:22 PM IST

Himanta Biswa Sarma campaigns for Bijuli Kalita Medhi at Rangjuli in Goalpara
বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

CM Himanta Biswa Sarma: গোৱালপাৰা ৰংজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কংগ্ৰেছ পঞ্চামৃতৰ ৰাজনীতি কৰিছিল বুলি উল্লেখ কৰি বিজেপি চৰকাৰ আহিলে পিতৃ-মাতৃক সকাহ দিয়াৰ বাবে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক ১০ হেজাৰ, স্নাতকোত্তৰ ছাত্ৰীক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীক ২৫০০০ টকাকৈ বছৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

গোৱালপাৰা, ৩০ এপ্ৰিল: সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ । মঙলবাৰে বিজেপি দলৰ উদ্যোগত গোৱালপাৰা জিলাৰ ৰংজুলিৰ সাৰাপাৰা খেলপথাৰত অনুষ্ঠিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ বিজয় সংকল্প সমাৱেশ শীৰ্ষক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা ৷

বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায় । ভাষণ প্ৰসংগত তেওঁ কয় যে, বিজেপি চৰকাৰে দেশত শান্তি আনিছে । পূৰ্বে গুলী-বাৰুদৰ শব্দ নোহোৱা এক পৰিৱেশ আহিছে । বিজেপিয়ে বিকাশৰ ৰাজনীতি কৰা বুলি উল্লেখ চলিত বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ ৫০ হাজাৰ চাকৰি দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ চৰকাৰৰ দিনত পঞ্চামৃতৰ ৰাজনীতি কৰিছিল । কংগ্ৰেছৰ পঞ্চামৃত হৈছে ধুতি, লুঙী, সূতা-কম্বল আৰু আঁঠুৱা । এইবোৰৰ বাহিৰে কংগ্ৰেছে উন্নয়নৰ কাম একো কৰা নাছিল বুলি কটাক্ষ কৰি বিজেপি চৰকাৰৰ দিনত মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি, লাখপতি বাইদেউ, ল'ৰা-ছোৱালীৰ বাবে চাকৰি লাগে সংস্থাপনৰ দিশত কাম কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ।

এতিয়া কংগ্ৰেছৰ দিনতকৈ বিজেপি চৰকাৰৰ দিনত অসমৰ পৰিৱেশ বহুত সলনি । বিজেপি চৰকাৰে এতিয়া এখন শান্তিপূৰ্ণ নতুন অসম গঢ়াৰ সংকল্প লোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি দিয়া হ'ব ।

লগতে ছোৱালীসকলক পঢ়া-শুনাৰ বাবে চৰকাৰে বছৰি ১০ হেজাৰকৈ টকা প্ৰদান কৰিব, ঠিক তেনেদৰে স্নাতকোত্তৰ ছাত্ৰীসকলক বছৰি ১২,৫০০ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলক বছৰি ২৫ হেজাৰকৈ টকা চৰকাৰে একাউন্টত ভৰাই দিব । গতিকে এতিয়া আৰু ছোৱালীসকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে চিন্তা কৰিব নালাগে তেওঁ উল্লেখ কৰে ।

বিজেপি চৰকাৰৰ এইসমূহ অভিলাসী আঁচনি লাভ কৰিবলৈ হ'লে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগিব । নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধান মন্ত্ৰীৰূপে বিচাৰিলে অহা ৭ মে' তাৰিখে গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে বিজুলী কলিতা মেধিক ভোট দি জয়যুক্ত কৰিব লাগিব বুলি ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ক'ভিডকালত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিলে কি হ'লহেঁতেন, মুখ্যমন্ত্ৰীৰ বাখ্যা - Lok Sabha Election 2024

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পাকিস্তানত বেছি চলিব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

মহানগৰীত অমিত শ্বাহৰ মেগা ৰোড শ্ব’, গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ - Lok Sabha Election 2024

Last Updated :Apr 30, 2024, 8:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.