ETV Bharat / entertainment

অশ্বত্থামাৰ পিচতেই আহি আছে ভৈৰৱ - Kalki 2898

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:28 PM IST

KALKI 2898
অশ্বত্থামাৰ পিচতেই আহি আছে ভৈৰৱ

KALKI 2898 : বহু জল্পনা-কল্পনাৰ অন্তত মুক্তি লাভ কৰিলে "কল্কি 2898" ছবিখনৰ পৰা প্ৰভাসৰ প্ৰথমটো লুকছ ৷ অমিতাভ বচ্চনৰ অশ্বত্থামাৰ টীজাৰৰ পিচৰে পৰাই অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে বাট চাইছিল প্ৰভাসৰ চৰিত্ৰটোলৈ ৷

চিটাৰা ডেস্ক, 30 এপ্ৰিল : দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাসৰ অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে মুক্তি লাভ কৰিলে প্ৰভাসৰ ফাৰ্ষ্ট লুক ৷ "কল্কি 2898" ছবিখনত প্ৰভাসক 'ভৈৰৱ'ৰ চৰিত্ৰত দেখা যাব ৷ ছবিখনৰ নিৰ্মাতাসকলে প্ৰভাসক ভৈৰৱ হিচাপে পৰিচয় দিয়াৰ পিচতে এতিয়া ছবিখনে সামাজিক মাধ্যমক ব্যাপক চৰ্চা লাভ কৰিছে ৷ অনুৰাগীসকলে ফাৰ্ষ্ট লুকছৰ পোষ্টাৰখনত মন্তব্যৰে উপচাই পেলাইছে ৷

ভৈৰৱ
ভৈৰৱ

উল্লেখ্য যে, শেহতীয়া ছবিখনৰ নিৰ্মাতাসকলে অমিতাভ বচ্চনৰ অশ্বত্থামা চৰিত্ৰৰ এটা টীজাৰ প্ৰচাৰ কৰাৰ পিচতেই সামাজিক মাধ্যমত ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছিল ৷ সকলোৱে অমিতাভ বচ্চনৰ অশ্বত্থামা ভূমিকাক প্ৰশংসা কৰাৰ লগতে ছবিখন অতি সোনকালে মুক্তি দিবলৈ অনুৰোধ কৰিছিল ৷

নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত ‘Kalki 2898 AD’ ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান আৰু দিশা পাটানিয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷

কল্কি 2898 এ ডি ক বছৰটোৰ আটাইতকৈ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতন । এই চলচ্চিত্ৰখন মহাভাৰতৰ পৰা আৰম্ভ হৈ 2898 চনত শেষ হয় । সেইবাবেই ছবিখন কল্কি 2898 নামেৰে নামকৰণ হৈছে ৷ এই ছবিখনত 6000 বছৰলৈকে জীৱন বৃত্তান্ত দেখুওৱা হৈছে ৷

উল্লেখ্য যে, পূৰ্বে মকৰ সংক্ৰান্তি উপলক্ষে ২০২৪ চনৰ ১২ জানুৱাৰীত Kalki 2898 AD মুক্তি পাবলগীয়া আছিল যদিও উক্ত তাৰিখতে দক্ষিণৰ ৬ খন ছবি মুক্তি দিয়া হৈছিল ৷ যাৰ বাবে ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰি ৯ মে' বুলি ঘোষণা কৰি হৈছিল ৷ অৱশ্যে এতিয়া ছবিখনৰ মুক্তিৰ চূড়ান্ত তাৰিখ 27 জুনলৈ পিছুৱাই দিয়া হৈছে ৷ এতিয়া ছবিখনৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষ কৰিছে চিনেমাপ্ৰেমীসকলে ৷

লগতে পঢ়ক: অপেক্ষা ৫ বজালৈ, ছবি কল্কিৰ এক ডাঙৰ ঘোষণা; নতুন পোষ্টাৰ মুকলি - KALKI 2898 AD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.