ETV Bharat / entertainment

ঋষি কাপুৰৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত এনেদৰে স্মৰণ কৰিলে পত্নী নীতু কাপুৰে - Rishi Kapoor Death Anniversary

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 4:17 PM IST

Neetu Kapoor gets emotional on the 4th death anniversary of her husband Rishi Kapoor
ঋষি কাপুৰৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত এনেদৰে স্মৰণ কৰিলে পত্নী নীতু কাপুৰে

Rishi Kapoor Death Anniversary: আজি কাপুৰ পৰিয়ালে ঋষি কাপুৰৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন কৰিছে । এনে পৰিস্থিতিত সকলো শোকত ম্ৰিয়মান হৈ পৰিছে । ইফালে স্বামীক স্মৰণ কৰি নীতু কাপুৰে ছ’চিয়েল মিডিয়াযোগে লিখিলে এনেদৰে-

চিটাৰা ডেস্ক, 30 এপ্ৰিল: ৩০ এপ্ৰিল আছিল ভাৰতীয় ছবিজগতৰ বাবে আছিল এটা অতি বেয়া দিন ৷ লগতে কাপুৰ পৰিয়ালৰ বাবেও এক আৱেগিক দিন কাৰণ আজিৰ দিনটোতে চাৰি বছৰ পূৰ্বে অভিনেতা ঋষি কাপুৰে চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় মাগে ৷ কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ২০২০ চনত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ৷

Neetu Kapoor gets emotional on the 4th death anniversary of her husband Rishi Kapoor
ঋষি কাপুৰৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী

আজি কাপুৰ পৰিয়ালে তেওঁৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন কৰিছে ৷ এনে পৰিস্থিতিত সকলো শোকত ম্ৰিয়মান হৈ পৰিছে ৷ ইফালে অভিনেত্ৰী নীতু কাপুৰে ছ’চিয়েল মিডিয়াত স্বামীক স্মৰণ কৰাৰ লগতে এখন ফটোও শ্বেয়াৰ কৰে ৷

সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি স্বামীক স্মৰণ নীতু কাপুৰৰ

অভিনেত্ৰী নীতু কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰয়াত স্বামী ঋষিৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰাৰ লগতে কেপচনৰ সৈতে দুখ প্ৰকাশ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে লিখিছে- ৪ বছৰ 🌸🙏 আমাৰ বাবে জীৱনটো তোমাৰ অবিহনে কেতিয়াও আগৰ দৰে হ'ব নোৱাৰে ❤️

কন্যা ৰিধিমা কাপুৰেও পিতৃক কৰিলে স্মৰণ

নীতু কাপুৰৰ উপৰিও কন্যা ৰিধিমা কাপুৰ সাহনীয়েও পিতৃক স্মৰণ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ ৰিধিমাই শৈশৱৰ এখন ছবি পোষ্ট কৰিছে, য’ত তেওঁক পিতৃ ঋষি কাপুৰৰ সৈতে দেখা গৈছে ৷ তেওঁ কেপচনত লিখিছে, ‘আমি ভালপোৱাসকল আমাৰ পৰা কেতিয়াও আঁতৰি নাযায় ৷ প্ৰতিদিনে আমাৰ লগত থাকে ৷ তোমাক সদায় বহুত মিছ কৰো ৷

লিউকেমিয়া কেন্সাৰৰ বাবে মৃত্যু

উল্লেখ্য যে, ঋষি কাপুৰ দীৰ্ঘদিন ধৰি লিউকেমিয়া কেন্সাৰত আক্ৰান্ত হৈ আছিলে ৷ যাৰ বাবে তেওঁ উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ গৈছিল ৷ এবছৰ আমেৰিকাত থাকি ভাৰতলৈ উভতি আহিছিল অভিনেতাগৰাকী ৷ ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছিল যদিও কৰ’ণা কালত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত তেওঁৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক: মহাদেৱ এপ গোচৰ: সময় বিচাৰিলে অভিনেত্ৰী তমান্না ভাটিয়াই - Tamannaah Bhatia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.