ETV Bharat / entertainment

ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’: অভিনেত্ৰীগৰাকীৰ বক্তব্য ৰেকৰ্ড আৰক্ষীৰ - RASHMIKA MANDANNA

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 3:41 PM IST

Big update on Rashmika Mandanna's deep fake video, Delhi Police recorded the statement of actress
ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’: অভিনেত্ৰীৰ বক্তব্য ৰেকৰ্ড দিল্লী আৰক্ষীৰ

Rashmika Mandanna's deep fake video: অভিনেত্ৰী ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’ই বহু চৰ্চা লাভ কৰিছিল । এই গোচৰত আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ২০২৩ চনৰ নৱেম্বৰ মাহতেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল । এতিয়া এই বিষয়ত আহিছে এক নতুন আপডেট । সম্প্ৰতি এই গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে মুম্বাইলৈ গৈ ৰশ্মিকা মন্দান্নাৰ বক্তব্য ৰেকৰ্ড কৰিছে ।

চিটাৰা ডেস্ক, 30 এপ্ৰিল: দক্ষিণ ভাৰতৰ ছবিজগতৰ মুখ্য অভিনেত্ৰী তথা পুষ্পা ছবিৰ জৰিয়তে বলীউডত খোপনি পোতা ৰশ্মিকা মন্দান্না এতিয়াও লাইমলাইটত আছে ৷ তেওঁৰ ফেন-ফ’ল’ৱাৰ শক্তিশালী আৰু বৰ্তমান কোনো দক্ষিণৰ অভিনেত্ৰীৰ জনপ্ৰিয়তা তেওঁতকৈ বেছি নাই ৷

শেহতীয়াকৈ ৰশ্মিকা লাইমলাইটলৈ আহিছিল যেতিয়া তেওঁৰ এটা অশ্লীল ডিপফেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ ইয়াৰ পিছতে যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ খোদ ৰশ্মিকা মন্দান্নাইও এই বিষয়ত দুখ প্ৰকাশ কৰে ৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনেও এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছিল ৷ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ৷ এতিয়া এই বিষয়ত নতুন আপডেট আহিছে ৷

অভিনেত্ৰী ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’ গোচৰত দিল্লী আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ বক্তব্য ইতিমধ্যে ৰেকৰ্ড কৰিছে ৷ এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিশেষ গোটৰ আই এফ এছ অ’ ইউনিটৰ এটা দল মুম্বাইলৈ গৈছিল আৰু অভিনেত্ৰীগৰাকীৰ বক্তব্য মুম্বাইতে ৰেকৰ্ডিং কৰা হৈছিল ৷

এই গোচৰত ২০২৩ চনৰ নৱেম্বৰ মাহত আৰক্ষীয়ে অভিযুক্ত ইমানী নবীনক গ্ৰেপ্তাৰ কৰিছিল ৷ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰত ধৰা পৰে অভিযুক্ত ৷ ইমানীয়ে নিজেই ৰশ্মিকাৰ অনুৰাগী আছিল আৰু ফ’ল’ৱাৰ বৃদ্ধিৰ বাবে এ আই প্ৰযুক্তিৰে ছ’চিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰিছিল ৷ এই বিষয়ত বহুলভাৱে গৰিহণা দিয়া হৈছিল ৷ এই মূল ভিডিঅ’টো আছিল ব্ৰিটিছ-ভাৰতীয় ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেনঞ্চাৰ জাৰা পেটেলৰ ৷ জাৰাই এই কথা জনাৰ পিচতে তেওঁ ধিক্কাৰ দি কয় যে, ইয়াত তেওঁৰ কোনো হাত নাই ৷

ৰশ্মিকা মন্দান্নাৰ ৱৰ্কফ্ৰণ্ট

ৰশ্মিকা মন্দান্নাৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীয়ে পুষ্পা ছবিৰ ফলত তেওঁৰ কেৰিয়াৰে এটি নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছত তেওঁক ৱাৰিছু, মিছন মাজনু, গুড বায়, সীতাৰামম আৰু এনিমেলত দেখা গৈছিল ৷ এনিমেল ছবিখনতো তেওঁৰ চৰিত্ৰটোক লৈ যথেষ্ট চৰ্চা হৈছিল ৷ বৰ্তমান অভিনেত্ৰীগৰাকী ব্যস্ত পুষ্পা ২ ৰ শ্বুটিঙত ৷ ইয়াৰ উপৰিও দ্য গাৰ্লফ্ৰেণ্ড, ৰেইনব’, চাভা আৰু কুবেৰা আদি ছবিৰ কামতো ব্যস্ত জনপ্ৰিয় অভিনেত্ৰীগৰাকী ৷

লগতে পঢ়ক: জন্মদিনত পুষ্পা ২ ৰ শ্ৰীভাল্লীৰ ৰূপত ৰশ্মিকা মন্দন্নাৰ ফাৰ্ষ্ট লুক মুকলি - Rashmika Look From Pushpa 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.