ETV Bharat / entertainment

কেৱল ছলমান খানেই নহয়, বিষ্ণৈই দলৰ টাৰ্গেটত আছে আন দুই অভিনেতাও ! - Salman Khan residence firing case

author img

By ANI

Published : May 9, 2024, 8:39 PM IST

Salman Khan residence firing case
কেৱল ছলমান খানেই নহয়, বিষ্ণোই দলৰ টাৰ্গেটত আছে আন দুই অভিনেতাও ! (Etv Bharat assam)

Salman Khan residence firing case : ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ তদন্তৰ লগে লগে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ কেৱল ছলমান খানেই নহয় বিষ্ণৈই দলে আন দুগৰাকী অভিনেতাৰ বাসগৃহৰ বাহিৰতো চলাইছিল অভিযান ৷

চিটাৰা ডেস্ক, 9 মে’ : মুম্বাই অপৰাধ শাখাই ক্ষিপ্ৰগতিত অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ অপৰাধ শাখাই ৰাজস্থানৰ পৰা এই ঘটনাৰ লগত জড়িত থকা পঞ্চমটো অভিযুক্ত মহম্মদ ৰফিক চৌধুৰীক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে ৰফিকক সোধা-পোছা কৰোতে পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৷ অভিযুক্ত মহম্মদ ৰফিক চৌধাৰীয়ে কেৱল ছলমান খানৰ বাসগৃহতে নহয়, আন দুজন বলীউড অভিনেতাৰ ঘৰতো পুনৰীক্ষণ চলাইছিল ।

গেংষ্টাৰ লৰেন্স বিষ্ণৈইৰ ভাতৃ অনমোল বিষ্ণৈয়ে শ্বুটাৰসকলক অনুপ্ৰাণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০২৪ চনৰ ১৫ মাৰ্চত পানভেলত অস্ত্ৰ লাভ কৰাৰ পিচতেই, অনমোলে শ্বুটাৰসকলক তেওঁলোকৰ লক্ষ্যৰ তথ্য প্ৰদান কৰে ৷ শ্বুটাৰক অভিনেতা ছলমান খানৰ বাসগৃহত গুলীচালনা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল ৷

অপৰাধ শাখাৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ৰফিকে যোৱা 12 এপ্ৰিলত অভিনেতা ছলমান খানৰ এপাৰ্টমেণ্ট গেলেক্সী পৰিদৰ্শন কৰিছিল ৷ তাৰ পিচতে বাসগৃহটোৰ চাৰিওফালৰ এটা ভিডিঅ’ তৈয়াৰ কৰি অনমোললৈ প্ৰেৰণ কৰিছিল ৷ শ্বুটাৰ পাল আৰু গুপ্তাই যেতিয়া গেলেক্সীৰ বাহিৰত গুলীচালনা কৰিবলৈ শংকিত হৈছিল তেতিয়া অনমোলে তেওঁলোকক এই কামটো সম্পূৰ্ণ কৰিলে তেওঁলোকৰ সুনাম হ’ব বুলি আশ্বাস দিছিল ৷

দুয়োটা শ্বুটাৰক 2023 বৰ্ষৰ অক্টোবৰত বিষ্ণৈই দলে মুম্বাইলৈ প্ৰেৰণ কৰিছিল ৷ তাৰ পিচত একাধিক প্ৰচেষ্টাৰ পিচতো তেওঁলোকে থাকিবলৈ কোনো সুৰক্ষিত ঠাই বিচাৰি পোৱা নাছিল ৷ অৱশেষত, ২০২৪ চনৰ মাৰ্চ মাহত পানভেলত এজন স্থানীয় ৰিক্সা চালকৰ সহায়ত হৰিগ্ৰাম অঞ্চলত এটা ফ্লেট ভাড়াত ল'বলৈ সক্ষম হয় দুই শ্বুটাৰে ।

এই পৰিকল্পিত গুলীচালনাৰ ঘটনাৰ বাবে শ্বুটাৰদ্বয়ক মুঠ 3 লাখ টকা দিয়া হৈছিল । ইতিমধ্যে মুম্বাই অপৰাধ শাখাই গোচৰটোৰ সৈতে জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: গেলেক্সীত গুলীচালনাৰ অভিযুক্তৰ ৰহস্যজনক মৃত্যু, মন্তব্য প্ৰকাশৰ পৰা বিৰত ছলমান খান - Salman Khan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.