ETV Bharat / entertainment

থাইলেণ্ডৰ ফি-ফি দ্বীপত কি কৰিছে অভিনেতা ৰবি শৰ্মাই ? - Ravi Sarma in Thailand

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 5:20 PM IST

actor-ravi-sarma-is-currently-busy-shooting-for-his-upcoming-movie-rudra-in-thailand
থাইলেণ্ডৰ "ফি-ফি দ্বীপ" ত কি কৰিছে অভিনেতা ৰবি শৰ্মাই ?

Ravi Sarma in Thailand: ৰুদ্ৰৰ প্ৰশিক্ষণত থাইলেণ্ডত ব্যস্ত অভিনেতা ৰবি শৰ্মা । "ফি-ফি দ্বীপ" ত চলি আছে অভিনেতা গৰাকীৰ প্ৰশিক্ষণ ।

গুৱাহাটী, 30 এপ্ৰিল: থাইলেণ্ডৰ ফি-ফি দ্বীপত পৰিয়ালৰ সৈতে একেলগে সময় পাৰ কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ৷ ৰঘুপতিৰ অভূতপূৰ্ব সফলতাৰ পিচত বৰ্তমান সকলোৱে জানিব বিচাৰিছে তেওঁৰ আহিবলগীয়া ছবি ৰুদ্ৰৰ বিষয়ে ৷ সেয়ে এতিয়া থাইলেণ্ডত পৰিয়ালৰ সৈতে সময় পাৰ কৰাৰ লগতে ছবিৰ কামতো বৰ্তমান খুবেই ব্যস্ত অভিনেতা ৰবি শৰ্মা ৷

জনাই দিও যে, শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই অভিনীত নতুন ছবি "ৰুদ্ৰ" ৷ আহিবলগীয়া এই নতুন অসমীয়া ছবি ৰুদ্ৰৰ বাবে প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছে অভিনেতা ৰবি শৰ্মা ৷ থাইলেণ্ডৰ "ফি-ফি দ্বীপ" ত চলিছে অভিনেতাগৰাকীৰ প্ৰশিক্ষণ ৷

শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবি ৰুদ্ৰৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ ৷ আনহাতে, ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ৷

অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতিক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হ'ব ছবিখন ৷ লগতে একশ্যন, থ্ৰিলাৰধর্মী ছবিখনৰ একশ্যনবোৰ বৰ্তমান হিন্দী বা দক্ষিণৰ চলচিত্ৰৰে ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব ৷ জানিব পৰা মতে একশ্যন পৰিচালনা কৰিব "এনিমেল" ছবিৰ একচন পৰিচালকগৰাকীয়ে ৷

২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ছবিখনত ৰবি শৰ্মাৰ বিপৰীতে দুগৰাকী মুখ্য নায়িকাৰ চৰিত্ৰকে ধৰি আন ১৫ টা চৰিত্ৰৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান অভিনয় শিল্পীৰ অডিশ্বনো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷

আহিবলগীয়া এই নতুন ছবি খনকলৈ এতিয়া আশাবাদী সকলো ৷ ইফালে প্ৰশিক্ষণৰ এই ফটো সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে অভিনেতা গৰাকীয়ে ৷ ৰবি শৰ্মাৰ এই ফটোখনৰ পৰাই অনুমান কৰিব পাৰি যে "ৰুদ্ৰ" এখন একশ্যনসমৃদ্ধ সফল ছবি হৈ উঠিব ৷

ইফালে, "শ্ৰী ৰঘুপতিৰ" ব্যাপক সফলতাৰ পাছত, জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ এই নতুন ছবি 'ৰুদ্ৰ'ক লৈ এতিয়া আশাবাদী অভিনেতাগৰাকীৰ লগতে তেওঁৰ অনুৰাগীসকলো ৷

লগতে পঢ়ক: আগন্তুক নাট্যবৰ্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত নাথাকে ৰবি শৰ্মা, স্পষ্ট কৰিলে অভিনেতাগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.