ETV Bharat / business

জিঅ’ চিনেমাৰ বাম্পাৰ অফাৰ ! 29 টকীয়া বিজ্ঞাপন-মুক্ত প্ৰিমিয়াম আঁচনি ঘোষণা - JioCinema

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 12:04 PM IST

JioCinema Announces New Ad-Free Premium Plan For Rs 29 Per Month
জিঅ' চিনেমাৰ বাম্পাৰ অফাৰ ! 29 টকীয়া বিজ্ঞাপন-মুক্ত প্ৰিমিয়াম আঁচনি ঘোষণা

JioCinema : দৰ্শকসকলৰ বাবে সুখবৰ ৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ভিডিঅ' ষ্ট্ৰীমিং প্লেটফৰ্ম জিঅ' চিনেমাই দৰ্শকসকলৰ বাবে লৈ আহিছে বাম্পাৰ অফাৰ ৷ এতিয়াৰ পৰা 29 টকাত চাওক বিজ্ঞাপন-মুক্ত ভিডিঅ' ৷

সম্প্ৰতি অনলাই ষ্ট্ৰীমিং উদ্যোগত ব্যাপক প্ৰতিযোগিতাৰ সৃষ্টি হৈছে ৷ অ’টিটি প্লেটফৰ্মলৈ নৱ বিপ্লৱ আনিবলৈ জিঅ' চিনেমাৰ বিশেষ পদক্ষেপ ৷ জিঅ’ চিমেনাৰ প্ৰিমিয়ামৰ প্লেনৰ মূল্য হ্ৰাস কৰিলে জিঅ’ চিনেমাই ৷ এতিয়াৰ পৰা প্ৰতিমাহে বিজ্ঞাপনমুক্ত ভিডিঅ’ তথা কণ্টেণ্ট চাবলৈ দৰ্শকে 29 টকাত বিনামূলীয়া ছাবচক্ৰিপশ্যন ল’ব পাৰিব ৷ ফলত এতিয়া উচ্চ মানদণ্ডৰ মনোৰঞ্জন পূৰ্বতকৈ অধিক সুলভ হৈ পৰিছে ।

হলীউডৰ ব্ল’কবাষ্টাৰ, টিভি শ্ব' আৰু কিডছ প্ৰ'গ্ৰামিঙকে ধৰি বিভিন্ন ধৰণৰ অফাৰৰ বাবে জনাজাত এই প্লেটফৰ্মটো ৷ এই নতুনকৈ প্ৰৱৰ্তন কৰা আঁচনিয়ে গ্ৰাহকসকলক অত্যাশ্চৰ্য 4 কে মানদণ্ডত অনলাইন আৰু অফলাইন দুয়োধৰণৰ প্ৰিমিয়াম কণ্টেণ্ট লাভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ জিঅ’ চিনেমাত বিদেশী চিনেমা , টিভি ছিৰিজ, ৱেব ছিৰিজ, শিশুৰ প্ৰ'গ্ৰামিঙৰ লগত সৰু ল'ৰা-ছোৱালীৰ মনোৰঞ্জনৰ বাবে জিঅ' চিনেমাই পাঁচটা ভাষাত কণ্টেণ্ট উপলব্ধ কৰিছে ৷

এই প্লেটফৰ্মৰ দ্বাৰা যিকোনো ডিভাইচত বিজ্ঞাপন-মুক্ত দৰ্শন আৰু ছিৰিজ, চলচ্চিত্ৰ, আৰু টিভি মনোৰঞ্জনৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে, যাৰ ভিতৰত আছে সংযোজিত আছে টিভি । আনহাতে জিঅ' চিনেমাই প্ৰতি মাহে মাত্ৰ 89 টকা মূল্যৰ এটা 'পাৰিবাৰিক আঁচনি' প্ৰৱৰ্তন কৰে ৷ এই আঁচনিৰ দ্বাৰা একেলগে চাৰিখনলৈকে স্ক্ৰীণ শ্বেয়াৰ কৰিব পাৰি ।

আনহাতে ক্ৰিকেট প্ৰেমীসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ কিয়নো জিঅ' চিনেমাই চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)কে ধৰি ক্ৰীড়া সমলসমূহত বিনামূলীয়া প্ৰৱেশাধিকাৰ প্ৰদান কৰিছে ৷ তদুপৰি, জিঅ' চিনেমাই পীকক, এইচ বি অ', পাৰামাউণ্ট আৰু ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰীৰ দৰে মুখ্য গোলকীয় ষ্টুডিঅ'ৰ সৈতে ইয়াৰ অংশীদাৰীত্ব শক্তিশালী কৰিছে ৷ যাতে গ্ৰাহকসকলে শেহতীয়াকৈ হলীউডত মুক্তি লাভ কৰা আৰু ব্লকবাষ্টাৰ ছিৰিজসমূহৰ প্ৰৱেধিকাৰৰ অনুমতি লাভ কৰে ৷

লগতে পঢ়ক: ইজৰাইল চৰকাৰৰ সৈতে গুগলৰ চুক্তিক লৈ প্ৰতিবাদ কৰা 28 জন কৰ্মচাৰীক বৰ্খাস্ত গুগলৰ - Google Fires 28 Employees

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.