ETV Bharat / bharat

দেশত কেতিয়া কাৰ্যকৰী হ'ব ইউনিফৰ্ম চিভিল কোড ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 11:02 AM IST

Lok Sabha Election 2024
দেশত কেতিয়া কাৰ্যকৰী হ'ব ইউনিফৰ্ম চিভিল কোড

AMIT SHAH ON ARTICLE 370 : বিহাৰত এক নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি অমিত শ্বাহে স্পষ্টত কয় যে দেশত কেতিয়া ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা হ'ব ? তেওঁৰ দাবী কোনেও জম্মু-কাশ্মীৰত ৩৭০ ধাৰা ঘূৰাই আনিব নোৱাৰে ।

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত দেশত ইউচিচি কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে গৃহমন্ত্ৰীগৰাকীয়ে । অমিত শ্বাহৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে চলিত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাচতে দেশত ইউচিচি কাৰ্যকৰী কৰিব ।

বিহাৰৰ বেগুচৰাই জিলাত এখন নিৰ্বাচনী জনসভাত ভাষণ দি অমিত শ্বাহে কয় য়ে মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ নেতাসকলে কৈছে যে যদি তেওঁলোক কেন্দ্ৰত ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে দেশত তিনি তালাক আৰু মুছলমান ব্যক্তিগত আইন আনিব । অমিত শ্বাহৰ মতে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে বা দেশত তিনি তালাক আৰু মুছলমান ব্যক্তিগত আইন কাৰ্যকৰী কৰিবও নোৱাৰে । বিজেপিয়ে ক্ষমতা বজাই ৰাখিব আৰু দেশত ইউচিচি কাৰ্যকৰী কৰিব বুলি তেওঁ নিশ্চিত ।

অমিত শ্বাহে উল্লেখ কৰা মতে বিৰোধী নেতাসকলে কৈছে যে তেওঁলোকে জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ ঘূৰাই আনিব । শ্বাহে বিৰোধীৰ নেতা ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাই কয় যে যেতিয়ালৈকে এজনো বিজেপি কৰ্মী জীয়াই থাকিব তেতিয়ালৈকে কোনেও জম্মু-কাশ্মীৰত ৩৭০ ধাৰা ঘূৰাই আনিব নোৱাৰে । গৃহমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে মাওবাদী সমস্যাৰ বাবে বিহাৰত শ শ যুৱক নিহত হৈছে ।

তেওঁ দাবী কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ আৰু ঝাৰখণ্ডত মাওবাদীৰ কাৰ্যকলাপ বন্ধ কৰিছে । আনহাতে প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ পৰা ধৰ্মঘট আৰু হত্যাৰ সংস্কৃতিও আঁতৰাই পেলাইছে বুলি অমিত শ্বাহে দাবী কৰে । গৃহমন্ত্ৰীয়ে ৰেলীৰ সময়ত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱকো লক্ষ্য কৰি লয় ।

তেওঁ কয় যে 'পশুখাদ্য চুৰি' চৰকাৰৰ পতনৰ পিচত নৰেন্দ্ৰ মোদী আৰু নীতিশ কুমাৰৰ চৰকাৰে বিহাৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি এৰা নাই । অমিত শ্বাহৰ মতে কংগ্ৰেছ আৰু লালু প্ৰসাদ বহু বছৰ ধৰি শাসনত আছিল, কিন্তু তেওঁলোকে কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰপুৰী ঠাকুৰক অপমান হে কৰি থাকিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক (মৰণোত্তৰভাৱে) ভাৰত ৰত্ন প্ৰদান কৰিছে । গৃহমন্ত্ৰীয়ে বেগুচৰাইৰ জনসাধাৰণক বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙক ভোট দিবলৈও আহ্বান জনায় ।

উল্লেখ্য যে ১৩ মে'ত চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া বেগুচৰাইত বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ বিৰুদ্ধে চিপিআইৰ অৱধেশ কুমাৰ ৰায়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

লগতে পঢ়ক :অমিত শ্বাহৰ ৰোড শ্ব’ত মন্ত্ৰী পীযুষৰ উগ্ৰমূৰ্তি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.